Breaking

গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

0 2,017

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে । দেশৰ নিৰ্বাচনী আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰা ঘোষণা অনুসৰি তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন সম্পন্ন হ’ব । সেই অনুসৰি গোলাঘাট জিলাৰ চাৰিওটা সমষ্টি ৯৩-বোকাখাত, ৯৪-সৰুপথাৰ, ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ভোটগ্ৰহন কৰা হ’ব । প্ৰথম পৰ্যায়ত ভোটগ্ৰহন হ’বলগীয়া ৰাজ্যৰ ৪৭টা সমষ্টিৰ বাবে ২মাৰ্চৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ । ১০ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ মাৰ্চ । ২ মে’ত তিনিওটা পৰ্যায়ৰ ভোটগননা কৰা হ’ব । 
উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিত খচৰা ভোটাৰ তালিকাত ৩,২৯,৭৬০ গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল । ইয়াৰে ১,৬৬,৩১৯ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৩৪৪১ গৰাকী মহিলা ভোটদাতা । গোলাঘাট সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৯৬,৬১৩ ( পুৰুষ-৯৯০৭৩/ মহিলা-৯৭,৫৪০)গৰাকী ভোটদাতাৰ নাম সন্নিবিষ্ট হৈছিল ।  একেদৰে খুমটাই সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৩৩,১৪৭ ( পুৰুষ-৬৭,২৪৬/ মহিলা-৬৫,৯০১)গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল । পৰৱৰ্তী সময়ত গোলাঘাট সমষ্টিত ৫,৫২৯ গৰাকী আৰু খুমটাই সমষ্টিত ৪,৯৩২ গৰাকী অৰ্থাৎ মুঠ ১০,৪৬১ গৰাকী ভোটদাতাৰ নাম তালিকাত অন্তৰ্ভুক্ত হয় । ইয়াকে লৈ এতিয়ালৈকে গোলাঘাট নিৰ্বাচন জিলাত ৩,৪০,২২১ গৰাকী ভোটদাতাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে । ইয়াৰে ১,৭০,৪৪৬ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৯,৭৭৫ গৰাকী মহিলা ভোটদাতা । চূড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিত ২,০২,১৪২(পুৰুষ – ১,০১,২৬৮/ মহিলা- ১০০৮৭৪) আৰু খুমটাই সমষ্টিত ১,৩৮,০৭৯( পুৰুষ- ৬৯,১৭৮/ মহিলা- ৬৮,৯০১) গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হৈছে । ভোটাৰ তালিকাৰ উন্নীতকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । সেয়ে ভোটদাতাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
এইবাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ৪,৩০৪গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ২,৬২৭গৰাকী আৰু খুমটাই সমষ্টিত ১,৬১৪ গৰাকী । আনহাতে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ২,৫৮১ গৰাকী আৰু খুমটাই সমষ্টিত ১,৭২৩ গৰাকী মুঠ ৪,২৪১ গৰাকী ভোটদাতা আছে । সমষ্টি দুটাত ডি ভোটাৰৰ সংখ্যা ৭২০গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ৪৮৫ আৰু খুমটাই সমষ্টিত ২৩৫ গৰাকী । সমষ্টি দুটাত ৫৫৫গৰাকী চাৰ্ভিছ ভোটাৰ আছে । ইয়াৰে গোলাঘাট সমষ্টিত ৩৮৫ আৰু খুমটাই সমষ্টিত ১৭০ গৰাকী ভোটদাতা আছে । দুয়োটা সমষ্টিত এতিয়ালৈকে নাম অন্তৰ্ভূক্ত হোৱা বিশেষভাৱে সক্ষম ভোটদাতাৰ সংখ্যা ৪৯২গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ২৩৩ আৰু খুমটাই সমষ্টিত ২৫৯গৰাকী । 
কোবিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । সমষ্টি দুটাত মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ৪৮৬ । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহন কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫-হিন্দী বিদ্যালয় আৰু ১৯৪-ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪- জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ । ভোটগ্ৰহন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে । আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ থাকিব । 
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ সমষ্টি দুটাত ভোটদাতাৰ সংখ্যা ১৪,৩৪১ গৰাকী বৃদ্ধি পাইছে । মহিলা ভোটদাতাৰ সংখ্যা ৮,৬০৬গৰাকী আৰু পুৰুষ ভোটদাতাৰ সংখ্যা ৫,৭৩৫গৰাকী বৃদ্ধি পাইছে । ২০১৯ চনত দুয়োটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা আছিল ৩,২৫,৮৮০গৰাকী । ইয়াৰে পুৰুষ ভোটদাতা ১,৬৪,৭১১ গৰাকী আৰু মহিলা ভোটদাতা ১,৬১,১৬৯ গৰাকী । 
স্মৰ্তব্য যে ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ইতিমধ্যে দুয়োটা সমষ্টিত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব । আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দিব পাৰিব । এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব । তদুপৰি বিশেষভাৱে সক্ষম ভোটদাতাসকলক ভোটগ্ৰহন কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে । নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় বিষয়ৰ অভাৱ-অভিযোগ দাখিলৰ বাবে c-Vigil মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব । লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি, মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় সবিশেষ আদি Suvidha এপৰ জৰিয়তে লাভ কৰিব পাৰিব । ইয়াৰ উপৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব ।

Leave A Reply