Breaking

জোনালী নাথৰ হত্যাকাৰী ফাঁচী দিয়াৰ দাবীত গোৱালপাৰাত বিশাল প্ৰতিবাদী সমদল

0 71

গোৱালপাৰা জিলা বি জে পিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ উদ্যোগত পাঁচ শতাধিক পুৰুষ মহিলাই বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে!

বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ “জোনালী নাথৰ হত্যাকাণ্ডৰ উচ্চ পর্যায়ৰ তদন্ত কৰক”, “জোনালী নাথৰ হত্যাকাণ্ডত জড়িত সকলোৰে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক”, “জোনালী নাথৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক”, “চি আই দি আই জি পি দেৱৰাজ উপাদ্যায়ে জোনালী নাথৰ পৰিয়ালক সামাজিকভাৱে যি হত্যা কৰিলে তাকো তদন্তৰ আঁওতালৈ আনি দৃষ্টান্তমুলক শাস্তি দিয়ক” আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পুৰুষ মহিলাই !

-উৎপল ৰাভা,গোৱালপাৰা

Leave A Reply