Breaking

ব্যাপক ধুমুহা -বতাহ বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পৰিল বিহু অনুষ্ঠান ……..

0 123

দুই বছৰীয়া কোভিড ১৯ মহামাৰীক সামৰি সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো বাপতি সাহোন বহাগ বিহু অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি । ৰাতিপুৱাৰে পৰাই ধাৰাবাহিক ব্যাপক ধুমুহা -বতাহ ,বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পেলায় বিহু অনুষ্ঠান সমূহক।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত বিগত দুটা বছৰকৈ মহামাৰী কোভিড ১৯ ত জুৰুলা কৰাৰ ফলত অকল বিহুৱে নহয় কোনো পূজা-পাৰ্বন আদি উৎসৱ পতাৰ জনগণ বিৰত থাকিবলগীয়া হৈছিল। আৰু সংগীত প্ৰেমী শিল্পী, অভিনেতা আদি সকলৰো তথৈবচ অৱস্থা হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে এইবাৰ ২০২২ইং চনৰ অসমত অসমীয়াৰ জাতীয় বাপতি সাহোন বহাগৰ বিহুটি অনুষ্ঠিত কৰাৰ বাবে ৰজাঘৰ-প্ৰজাঘৰে ইতিমধ্যে বিশেষ উৎসাহ-উদ্দীপণাৰে মাৰ বান্ধি আগবাঢ়িছিল ।ইফালে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্ৰতিটো জিলাত প্ৰতিখন বিহু সমিতি সমূহে প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে। কিন্তু বিধিৰ কি বিপাক!যোৱা কালিৰে পৰা ব্যাপক ধুমুহা-বতাহ আৰু বৰষুণ পৰি থকা ৰ ফলত এনেহেন বহাগৰ বিহুটিক সম্পূৰ্ণ ম্লান পেলাই শেষ কৰি দিলে ।


প্রাপ্ত বাতৰিমতে নামনি অসমৰ বৰপেটা, বাক্সা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাত আজি ৰাতিপুৱা ১১.০০ বজালৈ আৰু সন্ধিয়া ৭.০০মান বজাৰ পৰা ব্যাপক ধুমুহা-বতাহ ,বৰষুণ পৰি থকাৰ ফলত প্ৰতিটো বিহু সমিতি সমূহৰ বিহু অনুষ্ঠিত কৰাত বিশেষ অসুবিধাৰ সৃষ্টি কৰিছে। কিন্তু এনে প্ৰাকৃতিক দুৰ্যোগৰ মাজতে দুপৰীয়াৰ ভাগত কিছু ফৰকালৰ সময়ছোৱাত প্ৰতিটো বিহু সমিতি সমূহে জাতীয় গামোচাৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হয়।আৰু সেই সময়ছোৱাতেই দুই,তিনিটা কাৰ্যসূচী পালন কৰিবলৈ পায়।

Leave A Reply