Breaking

লকডাউনৰ সময়ছোৱাত তিনিশ গৰ্ভৱতী মহিলা- শিশুৰ মাতৃক পুষ্টিকৰ খাদ্য যোগান ৰাজ্যিক মাদকদ্ৰৱ্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষাৰ

0 60

গুৱাহাটী

 লকডাউনৰ সময়চোৱাত চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন আৰু সুহৃদয়বান লোকসকলে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। লকডাউনৰ সময়ছোৱাত বহুসংখ্যক গৰ্ভৱতী মহিলাৰ লগতে কণমানি শিশুৰ মাতৃসকলৰ মাজত পুষ্টিকৰ খাদ্যৰ অভাৱ অনুভৱ কৰি ৰাজ্যিক মাদৱদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা তথা যুৱ সমাজসেৱীকা লাকী গগৈয়ে শিৱসাগৰস্থিত দীনদয়াল ভৱন আৰু স্থানীয় আশা কৰ্মীৰ সহযোগিতাত শিৱসাগৰ জিলাখনৰ তিনি শতাধিক গৰ্ভৱতী মহিলা আৰু কণমানি শিশুৰ মাতৃৰ মাজত মাহজাতীয় পুষ্টিকৰ খাদ্য সামগ্ৰী, ফলমূল, খাদী মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে।  লগতে মাস্ক পৰিধান কৰা আৰু হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰৰ বিষয়েও সজাগতা বৃদ্ধি কৰে। যোৱা ৪ মে’ৰ পৰা যুৱ সমাজসেৱীকা লাকী গগৈয়ে ধাৰাবাহিকভাৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নগৰ, দৰিকাপাৰ আৰু নাজিৰা বিধানসভাৰ মেছাগড়, পদুমনি, বাৰেঘৰ, বৰফুকন পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত গৰ্ভৱতী মহিলা আৰু কণমানি শিশুৰ মাতৃসকলৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰি আহিছে। যুৱ সমাজসেৱীকাগৰাকীয়ে শনিবাৰে শিৱসাগৰ সদৰ থানাৰ আৰক্ষী কৰ্মীসকলক একোখনকৈ খাদী মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা তথা শিৱসাগৰৰ জীয়ৰী লাকী গগৈয়ে প্ৰতিদিনেই আৰ্থিকভাৱে দুৰ্বল লোকসকলক সহযোগিতা আগবঢ়াই আহিছে। আৰ্থিকভাৱে দুৰ্বল শিৱসাগৰৰ কেইবাগৰাকী ৰোগীক বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰাই দিয়াৰ সমান্তৰালভাৱে লকডাউনৰ সময়ছোৱাত গৰ্ভৱতী মহিলা আৰু কণমানি শিশুৰ মাতৃসকলৰ বাবে পুষ্টিকৰ খাদ্য যোগান ধৰি সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে। লক ডাউন অব্যাহত থকালৈকে খাদ্য সামগ্ৰী বিতৰণৰ এই ধাৰা চলি থাকিব বুলি তেওঁ জানিবলৈ দিছে।

Leave A Reply