Breaking

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীয়ে খেদি খেদি আটক কৰিলে জাল নোট সৰবৰাহকাৰীক…

0 311

*”এক্সন মুদত মাটিয়া আৰক্ষী , খেদি খেদি আটক কৰিলে জাল নোট সৰবৰাহকাৰী ।”

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু মনি চৌধুৰীৰ নেতৃত্বত যোৱা কালি আবেলি ৩ বজাত ভেজাল নোট সৰবৰাহকাৰী দুজনক খেদি খেদি মাটিয়া কেম্পবজাৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।


জানিব পৰা মতে মানুহ দুজনৰ নাম মতিবৰ ৰহমান (৫৫) আৰু তহিদুল ইসলাম (৩২) মতিবৰ ৰহমানৰ ঘৰ আগিয়া থানাৰ অন্তৰ্গত হাদিগাওত আৰু তহিদুল ইসলামৰ ঘৰ ৰংজুলী থানাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত।

ইতিমধ্যে মাটিয়া আৰক্ষীয়ে ভেজাল নোট সৰবৰাহকাৰী দুজনৰ পৰা চাৰি খন ৫০০ টকীয়া জাল নোট আৰু জাল নোট প্ৰস্তুত কৰা জুলীয়া কেমিকেলৰ এটা বতল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave A Reply