Breaking

“ঈশ্বৰে ভাৰতৰ মংগল কৰক” ভাৰতক আশীৰ্বাদেৰে ওপচাই দিলে তুৰস্কবাসীয়ে

0 58

কথাতে আছে বিপদৰ বন্ধুহে আচল বন্ধু। এলানি ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰা তুৰস্ক আৰু চিৰিয়াক সহায় কৰিবলৈ ভাৰতে “অপাৰেচন ডষ্ট” নামৰ অভিযান আৰম্ভ কৰিছিল। ‘অপাৰেচন ডষ্ট’ৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভূমিকম্পপীড়িত তুৰ্কী আৰু চিৰিয়ালৈ জীৱন ৰক্ষাকাৰী মানৱীয় চিকিৎসা সহায় আগবঢ়াইছিল। ভাৰতীয় উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাতে ভূমিকম্প বিধ্বস্ত তুৰস্কৰ বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে।

সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) এটা দলে ৬ আৰু ৮ বছৰ বয়সৰ দুগৰাকী ছোৱালীক ধ্বংসাৱশেষৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনাৰ লগতে বহুজনক ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰিছে। ভাৰতে দেশৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ চাৰিখন চি-১৭ গ্লোবমাষ্টাৰ সামৰিক কাৰ্গো বিমানত তুৰ্কীলৈ সাহায্য সামগ্ৰী, এখন ভ্ৰাম্যমাণ চিকিৎসালয় আৰু বিশেষ অনুসন্ধান আৰু উদ্ধাৰকাৰী কৰ্মী প্ৰেৰণ কৰিছিল। ভাৰতে আন এখন বিমানৰ জৰিয়তে তুৰ্কীলৈ মানৱীয় সামগ্ৰীও প্ৰেৰণ কৰিছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, জীৱন ৰক্ষাকাৰী ঔষধ, সুৰক্ষা মূলক সামগ্ৰী, আৰু ৭ কোটি টকাৰ অধিক মূল্যৰ গুৰুত্বপূৰ্ণ সঁজুলিসহ জৰুৰীকালীন সাহায্য সামগ্ৰী তৎক্ষণাৎ তুৰস্ক আৰু চিৰিয়ালৈ প্ৰেৰণ কৰা হৈছিল।

সামগ্ৰীৰ ভিতৰত ৫,৯৪৫ টন জৰুৰীকালীন সাহায্য সামগ্ৰী আছিল, যাৰ ভিতৰত আছিল ২৭ বিধ জীৱন ৰক্ষাকাৰী ঔষধ, দুই প্ৰকাৰৰ সুৰক্ষা সামগ্ৰী, আৰু তিনিটা শ্ৰেণীৰ গুৰুত্বপূৰ্ণ যত্ন সঁজুলি, যাৰ মূল্য প্ৰায় ২ কোটি টকা। চিৰিয়াৰ বাবে ভাৰতে ৭২ বিধ গুৰুত্বপূৰ্ণ ঔষধ, ব্যৱহাৰযোগ্য সামগ্ৰী আৰু ৭.৩ টন সুৰক্ষা সামগ্ৰী প্ৰেৰণ কৰিছিল, যাৰ মূল্য আছিল ১.৪ কোটি টকা।

তুৰস্ক আৰি ছিৰিয়াক শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে ভাৰতে তুৰস্ক আৰু ছিৰিয়ালৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতে ভূমিকম্পপীড়িত অঞ্চলসমূহলৈ তিনিটা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দল প্ৰেৰণ কৰিছিল। ভাৰতে ‘অপাৰেচন ডোষ্ট’ৰ অধীনত তুৰস্ক আৰু ছিৰিয়ালৈ উদ্ধাৰকাৰীৰ দল, এখন ভ্ৰাম্যমাণ চিকিৎসালয়,ঔষধ আৰু সঁজুলি প্ৰেৰণ কৰিছিল।তদুপৰি, ভাৰতীয় বায়ু সেনাৰ চাৰিখন বিমানে ৩০ খন বিচনাযুক্ত চিকিৎসা সুবিধাৰ থকা এখন ক্ষেত্ৰ চিকিৎসালয় কঢ়িয়াই নিয়াৰ লগতে চিকিৎসা বিশেষজ্ঞও তুৰস্কলৈ প্ৰেৰণ কৰা হৈছিল।

৬ টনতকৈও অধিক জৰুৰীকালীন সাহায্য ছিৰিয়াত উপস্থিত হৈছিল আৰু স্থানীয় প্ৰশাসন তথা পৰিৱেশ উপমন্ত্ৰী মৌটাজ ডুৱাজীয়ে দামাস্কাছ বিমানবন্দৰত সেইবোৰ গ্ৰহণ কৰিছিল।এই জৰুৰীকালীন সাহায্যত তিনি ট্ৰাক ভৰ্তি সুৰক্ষা সঁজুলি, জৰুৰীকালীন ব্যৱহাৰৰ বাবে ঔষধ, ইচিজি যন্ত্ৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰী অন্তৰ্ভুক্ত আছিল।

এনডিআৰএফৰ দলবোৰে তুৰস্কৰ ভূমিকম্পৰ কেন্দ্ৰস্থল গাজিয়ানটেপত উপস্থিত হৈ আৰু অনুসন্ধান তথা উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।

ভাৰতীয়দল কেইটাই ডিজেল, সৌৰ চাকি আৰু খাবলৈ ৰেডিমেড আহাৰো লৈ গৈছে। লগতে আছে বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল আছিল।


ভাৰতীয় সেনাৰ যিটো বাহিনীয়ে ১৯৫০ চনৰ কোৰিয়ান যুদ্ধত আহত সৈনিকৰ বাবে সেৱা আগবঢ়াইছিল সেই দলটোকেই তুৰস্কলৈ সেৱা আগবঢ়াবলৈ পঠিওৱা হৈছিল৷ ভাৰতীয় সেনাৰ ৬০ পেৰা ফিল্ড চিকিৎসা দলটোৱে তুৰস্ক আৰু চিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ কৰাৰ লগতে নিস্বাৰ্থ সেৱাৰ আগবঢ়াই সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে৷ চিকিৎসা গোটটোৱে ইয়াৰ পূৰ্বেও চৰ্চাত লাভ কৰিছিল৷ বহুতে মৰমতে ‘এঞ্জেলছ ইন মেৰুন বেৰেট’ বুলি কোৱা, ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স গোটে ১৯৫০ আৰু ১৯৫৪ চনৰ ভিতৰত ২০০,০০০ ৰো অধিক লোকৰ চিকিৎসা কৰিছে। কোৰিয়ান যুদ্ধৰ সময়ত (১৯৫০-৫৩) ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱসমূহ সমৰ্থন কৰিছিল আৰু লেফটেনেণ্ট কৰ্ণেল এজি ৰংৰাজৰ নেতৃত্বতত ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স সেনা চিকিৎসা গোট মোতায়েন কৰিছিল ।

গোটটোৱে ১৯৫০ চনৰ ২০ নৱেম্বৰত পুচানত অৱতৰণ কৰিছিল আৰু প্ৰথমতে ২৯ নৱেম্বৰত পিয়ংইয়ংত নিয়োজিত কৰা হৈছিল৷ সেনাৰ চিকিৎসা গোটটোৱে এইবাৰ তুৰস্ক আৰু চিৰিয়াত সেৱা আগবঢ়াবলৈ গৈছিল৷ ‘অপাৰেচন ডোষ্ট’ৰ অধীনত ভাৰতে উদ্ধাৰকাৰী কৰ্মীসহ দৰব-পাতিৰে বিমান তুৰস্কলৈ প্ৰেৰণ কৰিছিল৷ ভূমিকম্প প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে তুৰস্কৰ হাতাইত স্থাপন কৰা ভাৰতীয় সেনাৰ চিকিৎসালয়খনে বহু আহত লোকক নৱ জীৱন দিবলৈ সক্ষম হৈছে৷ তুৰ্কীৰ হাতয়ৰ ইচকেন্দেৰুনত থকা সেনা ক্ষেত্ৰ চিকিৎসালয়খনে চিকিৎসা, অস্ত্ৰোপচাৰ আৰু জৰুৰীকালীন ৱাৰ্ড চলাই গৈছিল৷ ভাৰতৰ এনে বদ্যন্যতাৰ বাবেই এতিয়া বিপদৰ মাজত থাকিও তুৰস্ক বাসীয়ে ভাৰতক আশীৰ্বাদ দিছে।

Leave A Reply