Breaking

মায়ঙৰ শিক্ষিত দম্পত্তিয়ে মুকলি কৰিলে ৰেষ্টুৰেণ্ট

0 567

মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক মায়ং অঞ্চলৰ এহাল দম্পত্তিয়ে এখন ৰেষ্টুৰেণ্ট খুলি স্বাৱলম্বী হোৱাৰ সপোন দেখি আজি মুকলি কৰিলে মাইহাং নামৰ এখন সৰু ৰেষ্টুৰেণ্ট খন।মায়ং তিনিআলিৰ স্থিত বজাৰ গৃহত মাইহাং ৰেষ্টুৰেণ্ট খন মুকলি কৰে গুজৰাটত কৰ্মৰত মায়ং অঞ্চলৰ জেষ্ঠ চিকিৎসক ডা: কৃষ্ণ কান্ত কোঁৱৰে।ডাঃ কোঁৱৰে মলয় শইকীয়া আৰু বিভা মণি শইকীয়া এই দাম্পত্তী হাললৈ শুভেচ্ছা জনোৱাৰ লগতে তেঁওলোকে সফলতা লাভ কৰক বুলি আশীৰ্বাদ প্ৰদান কৰে।


আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী প্ৰণৱ ডেকা, মায়ং অঞ্চলৰবিশিষ্ট ব্যৱসায়ী ভূপেন ডেকা, শংকৰ শইকীয়া, শিক্ষক দিলীপ বৰা, সমাজসেৱক অৰুণ নাথ, দেবানন্দ নাথ আদিকে ধৰি মায়ং অঞ্চলৰ বহু কেইগৰাকী গুণী জ্ঞানী ব্যক্তি। চাকৰীৰ আশাত বহি নাথাকি নিজে স্বাৱলম্বী হোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে তাক শলাগিছে উপস্থিত সকলোৱে।

Leave A Reply