Breaking

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব : প্ৰধানমন্ত্ৰী মোদী

0 2,052

সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ  উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে। এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে।

আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্তাপন কৰিবলৈ আহি মোদীয়ে এনেদৰে কয়।

মোদীয়ে কয় যে ২০১৬ চনত অসমত মেডিকেল কলেজ আছিল ৬ খন। বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্য খনত আৰু নতুনকৈ ৬ খন মেডিকেল কলেজ আৰম্ভ হৈছে।

অসমত এতিয়া প্ৰতি বছৰে ১৬০০ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এতিয়া আৰু অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগে। অসমতে সকলো উন্নত চিকিৎসাৰ সুবিধা পাব বুলি তেওঁ কয়।

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অসমৰ ১ লাখতকৈ বেছি লোকে চিকিৎসাৰ সুবিধা পোৱা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰে চলাই গৈছে বুলি মোদীয়ে কয়।

Leave A Reply