Breaking

পুৰণি টাওকাক গাঁৱত ১৪৯ চি আৰ পি এফ বাহিনীৰ চিকিৎসা শিবিৰ

0 2,005

নাজিৰাৰ সমীপৱৰ্তী চৰাইদেওৰ পুৰণি টাওকাক গাঁৱত ১৭ নৱেম্বৰত ১৪৯ নং বেটেলিয়নৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দ্বাৰা এক স্বাস্থ্য শিবিৰ অনু্ষ্ঠিত কৰা হয় । স্থানীয় এলেকা পৰিক্ৰমাত সামৰি লোৱা কাৰ্য্যসূচীত বাহিনীটোৰ কমাণ্ডেণ্ট ললিত কুমাৰ বাৰ্মাৰ পৰিচালনাত অনু্ষ্ঠিত স্বাস্থ্য শিবিৰটোত শ্ৰমিক ৰাইজৰ লগতে গাঁওবাসীয়ে স্বাস্থ্য পৰীক্ষাৰ পাছত বিনামূলীয়াকৈ ঔষধ লাভ কৰে । ১৪৯ চি আৰ পি এফ বাহিনীৰ মুখ্য চিকিৎসক ডাঃ চি কে কে মাঅ’ আৰু সোণাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নয়নমণি ৰাভাই চিকিৎসা সেৱা আগবঢ়ায় । কমাণ্ডেণ্ট ললিত কুমাৰ বাৰ্মাৰ লগতে দ্বিতীয় কমাণ্ডেণ্ট অজয় কুমাৰ, জে পি যাদৱ, চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ লগতে স্থানীয় গাঁওবুঢ়া আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে । বাহিনীৰ এক প্ৰেছ বিজ্ঞপ্তিত এই বাতৰি প্ৰকাশ।