Breaking

গুৱাহাটীত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহনন…

0 49

পুনৰ মহানগৰীত সংঘটিত এক আত্মহননৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ ভঙাগড় অঞ্চলৰ চিলাৰায়ৰ নগৰৰ এচ বি আই কলনিত চিপ লৈ আত্মহননৰ পথ বাচা লয় এগৰাকী যুবতীয়ে।

উৰিষ্যাত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহন কৰি আছিল শ্ৰীয়া দেৱী নামৰ যুবতী গৰাকীয়ে। ১৫ নবেম্বৰত ঘৰলৈ অহা যুবতী গৰাকী হতাশাত ভুগি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ বিষয়ে অবগত হোৱাৰ লগে লগে ঘটনাস্হলীত উপস্হিত হয় ভঙাগড়ৰ আৰক্ষী।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে

Leave A Reply