Breaking

চানী দেউলৰ চুমাত অশান্তি পাইছিল মিনাক্ষী শেষাদ্ৰীয়ে। ১৯৮৭ চনৰে কথা সেয়া।

0 67

১৯৮৭ চনত মু্ক্তি লাভ কৰা বলিউডৰ এখন জনপ্ৰিয় ছৱি আছিল ‘ডাকাইত’৷ অত্যাচাৰী জমিদাৰ আৰু এজন ভুক্তভোগী যুৱকৰ কাহিনীৰে নিৰ্মিত ছৱিখনত অভিনয় কৰিছিল চানি দেউল আৰু মীনাক্ষী শেষাদ্ৰীয়ে৷ পৰিচালনা কৰিছিল ৰাহুল ৰাৱালে৷
চিনেমাখনৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰী মীনাক্ষীয়ে মধুৰ স্মৃতি সোঁৱৰণ কৰিছে৷ ছৱিখনত চানি দেউলৰ স’তে গঢ়ি উঠা অন্তৰংগতাৰ সম্পৰ্কে তেওঁ বিশেষভাৱে উল্লেখ কৰিছে৷


মীনাক্ষীয়ে জনায় যে ছৱিখনৰ পৰা এটা চুম্বনৰ দৃশ্য বাদ দিয়া গৈছিল৷ কয় যে চানি দেউল আৰু তেওঁৰ মাজত এটা চুম্বনৰ দৃশ্য আছিল৷ চানি দেউলে পেছাদাৰী অভিনয়সুলভতাৰে মীনাক্ষীক চেনেহৰ পৰশ দিছিল৷ কিন্তু মীনাক্ষীৰ ভীষণ অস্বস্তি অনুভৱ হৈছিল৷
‘‘চানিয়ে চুমা খাই থাকোতে মই অস্বস্তি পাইছিলো৷ হয়তো সেইবাবে ই অত্যন্ত বাস্তৱিক হৈ পৰিছিল৷ পাছত দৃশ্যটোৰ বাবে চেঞ্চৰে অনুমতি নিদিলে৷ ছৱিৰ মুক্তিৰ পূৰ্বে সেই দৃশ্য বাদ দিয়া হয়৷’’- মীনাক্ষীয়ে কয়৷
১৯৮৩ চনত ‘পেণ্টাৰ বাবু’ নামৰ ছৱিৰ জৰিয়তে বলিউডত ভৰি থৈছিল মীনাক্ষী৷ তাৰপাছত হিৰো, শ্বাহেনশ্বা, ঘায়ল আদি বহুকেইখন ছৱিত তেওঁ অভিনয়ৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল৷

Leave A Reply