Breaking

যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বৈঠক মন্ত্ৰী অতুল বৰাৰ

0 65

অসমৰ প্ৰতিখন জিলাত কেন্দ্ৰীয় চৰকাৰৰ অন্যতম আঁচনি “প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি”ৰ সফল ৰূপায়ণৰ বাবে তৎপৰতাৰে কাম অব্যাহত ৰাখিছে মন্ত্ৰী অতুল বৰাই । গোলাঘাটৰ পিছতে যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এক বৈঠকযোগে আজি যোৰহাট জিলাখনত আঁচনিখনৰ ৰূপায়ণ স্থিতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰেমন্ত্ৰী অতুল বৰাই ।

আঁচনিখনৰ অধীনত এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে মন্ত্ৰী অতুল বৰাই ।

লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাকে ধৰি বিভিন্ন কৃষি আঁচনিৰো ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়।যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়া, অৰুণ ব্ৰহ্ম প্ৰমুখ্যে মহকুমাধিপতিসকল, চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া তথা কৃষি বিভাগৰ আন বিষয়াসকল বৈঠকত উপস্থিত থাকে ।

Leave A Reply