Breaking

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ৪৬সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠন

0 2,164

ডিব্ৰুগড়ৰ নিজ-মানকটা গাঁৱস্থিত সোনোৱাল কছাৰী সাংস্কৃতিক ভৱনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ষষ্ঠত্বাৰিংশতম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠনৰ উদ্দেশ্যে জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ২০২২ চনৰ জানুৱাৰী মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহত মানকটা শাখা সাহিত্য সভাৰ আতিথ্যত নিজ-মানকটা গাঁৱত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ 2020-22 বৰ্ষৰ পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ৰাজহুৱা সভাখনিৰ জৰিয়তে পোনা সোনোৱালক সভাপতি, পূৰ্ণকান্ত হাজৰিকাক কাৰ্যকৰী সভাপতি, কুসুম সোনোৱাল শইকীয়াক সম্পাদক, নলিনী সোনোৱালক কোষাধ্যক্ষ হিচাপে লৈ 18খন উপসমিতিসহ
এখনি আদৰণী সমিতি গঠন কৰা হয়।

জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পৰমেশ্বৰ নলবৰীয়াই আৰু আদৰণী ভাষণ প্ৰদান কৰে মানকটা শাখা সভাৰ সভাপতি অনিমা কোঁচ গগৈয়ে। জিলা সাহিত্য সভাৰ উপ-সভাপতি নোমল চন্দ্ৰ গগৈ, সাংগঠনিক সম্পাদক বদন গগৈ, জোনাকৰ সম্পাদক বীণা কোঁৱৰ বৰুৱা, কাৰ্য-নিৰ্বাহক সদস্য পূণ্যনাথ পাংগিং, সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক শিৱনাথ সোনোৱাল, মানকটা গাঁও পঞ্চায়তৰ সভাপতি দীপামনি দত্ত হাজৰিকা, আদৰণী সমিতিৰ উপ-সভাপতি কুশল কোঁৱৰ আদিয়ে আগন্তুক অধিৱেশনৰ পৰিকল্পনা বিষয়ক বক্তব্য আগবঢ়ায়। জিলা সভাৰ পৰা অংশগ্ৰহণ কৰা অন্যান্য বিষয়-ববীয়া আৰু অতিথিবৃন্দৰ লগতে স্থানীয় ৰাইজৰ হৈ মঞ্চত আসন গ্ৰহণ কৰে মানকটা নামঘৰ সমিতিৰ সভাপতি প্ৰদীপ সোনোৱাল, উপদেষ্টা মুনীন সোনোৱাল, খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰ সমিতিৰ কাৰ্যকৰী সভাপতি অহিন্দ্ৰ শইকীয়া, বন্তি প্ৰজ্বলক শশীধৰ সোনোৱাল আদিয়ে। জিলা আৰু শাখা সভাৰ সদস্যসকলৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী”গীতেৰে আৰম্ভণি কৰা আৰু অসম সংগীতেৰে সামৰণি মৰা সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় মানকটা শাখা সাহিত্য সভাৰ সম্পাদক কুসুম সোনোৱাল শইকীয়াই।

Leave A Reply