Breaking

কামৰূপত নিৰ্বাচন পৰ্যবেক্ষকৰ সৈতে জিলা নিৰ্বাচন বিষয়া, আৰক্ষী অধীক্ষক আৰু নিৰ্বাচনী কোষৰ বিষয়ববীয়াৰ সভা

0 2,082

কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৪৮ নং বকো (অনুসুচিত জাতিৰ বাবে সংৰক্ষিত), ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষকসকল আৰু আৰক্ষী পৰ্যবেক্ষক  ক্ৰমে পবিত্ৰ মণ্ডল,  ডঃ  মিত্ৰা টি, দয়ানন্দ মিশ্ৰ, ডঃ চন্দ্ৰশেখৰ কুমাৰ আৰু ৰঞ্জন কুমাৰ শৰ্মাই আজি কামৰূপ জিলাৰ উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হৈ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়কে প্ৰমুখ্য কৰি ৰিটানিং বিষয়া, সহকাৰী ৰিটানিং বিষয়া  আৰু নিৰ্বাচনী কোষ সমূহৰ বিষয়ববীয়া সকলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰে। সভাত জিলা নিৰ্বাচন বিষয়া কৈলাশ কাৰ্তিক এনে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত কামৰূপ নিৰ্বাচন জিলাৰ চাৰিটা সমষ্টিত গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে নিৰ্বাচনী পৰ্যবেক্ষক কেইগৰাকীক বিস্তৃত ভাবে অবগত কৰে । জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভোট গ্ৰহণ কেন্দ্ৰত গ্ৰহণ কৰা ব্যৱস্থা, নিৰ্বাচনত নিয়োজিত হবলগীয়া বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ, পোষ্টেল বেলট, আদৰ্শ আচৰণ বিধি, মিডিয়া মনিটৰিং, ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ আৰু দিব্যাংগ ভোটাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, কভিড প্ৰটোকল, মডেল ভোট গ্ৰহণ কেন্দ্ৰ আৰু ভোটাৰ সজাগতা অভিযান, পৰিবহন ব্যৱস্থা আদিৰ বিষয়ে নিৰ্বাচন পৰ্যবেক্ষক সকলক বিতং ভাবে জানিবলৈ দিয়ে । 
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়েও সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গ্রহণ কৰা ব্যৱস্থাবলীৰ বিষয়ে ব্যাখ্যা কৰে । নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে সভাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি বিভিন্ন নিৰ্বাচনী কোষৰ নডেল বিষয়া হিচাপে দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়া সকলৰ পৰা কোষ সমূহৰ কাম-কাজৰ বুজ লয় আৰু বিভিন্ন পৰামৰ্শ আগবঢ়ায় । হাজো সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষক  ডঃ চন্দ্ৰশেখৰ কুমাৰে নিৰ্বাচনত কভিড-১৯ ৰ প্ৰটোকল সম্পূৰ্ণৰূপে মানি চলাৰ ওপৰত গুৰুত্ব দিয়ে । নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি যাতে কোনো কাৰণতে উলংঘন নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সভাত পৰামৰ্শ দিয়ে । আৰক্ষী পৰ্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মাই আৰক্ষীয়ে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে আলোচনা কৰে । নিৰ্বাচনী পৰ্যবেক্ষক কেইগৰাকীয়ে আজি সমষ্টি কেইটাৰ জোনেল আৰু ছেক্টৰ অফিচাৰ সকলৰ সৈতেও এক সুকীয়া সভাত মিলিত হৈ নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে ।

Leave A Reply