Breaking

মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিমূলক সভা সম্পন্ন

0 1,504

দেৰগাঁও সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমুকলিত মিচিং জাতীয় সংগঠন  এম বি কে, টি এম পি কে, এম এম কে, টি এম এম কে , এম এ কে, এম ডি কে ১নং লাখেৰাজ আঞ্চলিক সমিতি সমুহৰ এক যৌথ  প্ৰতিনিধিমূলক ৰাজহুৱা সভা শিক্ষক জ্যোতি টায়ুঙৰ সভাপতিত্বত অনুষ্ঠিত  হৈ যায়। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , এম এ কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড’ দীপক দলে ডাঙৰীয়া, জ্যেষ্ঠ সংগঠনক তৰাচন পেগু, এম এম কে যোৰহাট জিলা সমিতিৰ  সভাপতি হৰেন ৰিচং , টি এম পি কে যোৰহাট জিলা সমিতিৰ সভাপতি  প্ৰফুল্ল মিছং , ডি এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য অতীন দলে, টি এম এম কে যোৰহাট জিলা সমিতিৰ সম্পাদিকা  চুমী পাচুং, স্থানীয় কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। মিচিং ভাষা, সাহিত্য, সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ,মাতৃভাষা হিচাপে জীয়াই ৰখাৰ উপৰিও প্ৰচাৰ প্ৰসাৰ কৰিবলৈ মিচিং আগম কেবাং, মিচিং দৃৰবৌ্ কেবাং, মিচিং বা:নে: কেবাং সমিতিসমূহৰ পুনৰ গঠনৰ জৰিয়তে মিচিং সমাজ ব্যৱস্থাক সু-শৃংখলিতভাৱে চলাই যোৱাৰ মানসেৰে     অনুষ্ঠিত কৰা প্ৰতিনিধিমূল সভাখনৰ আঁতধৰে  এম এম কেৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি অতুল মিছঙে। এই সভাতে মিচিং দৃৰ্বি কেবাং মিচিং বা্:নে্: কেবাং মিচিং দৃৰবৌ্ কেবাঙৰ তিনিখন  আঞ্চলিক সমিতি গঠন কৰা হয়। 

Leave A Reply