Breaking

ঢকুৱাখনা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ সভা

0 1,362

ঢকুৱাখনা,৬ ডিচেম্বৰ : “বিজেপি দলটো ৰাইজৰ স্বাৰ্থত কাম কৰা দল নহয় । এইটো হ’ল ডাঙৰ ডাঙৰ পুঁজিপতি আৰু বণিকগোষ্ঠীৰ স্বাৰ্থত কামকৰা এটা বেপাৰী ৰাজনৈতিক দল। এইখন চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাজ্যত কিছুমান বাট পথৰ উন্নয়ন কৰিছে যদিও সৰ্বসাধাৰণ কৃষক ৰাইজৰ সমস্যা আৰু আতাইতকৈ গুৰুত্বপূৰ্ণ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত একোৱেই কৰা নাই।” -এই মন্তব্য ৰাইজৰ দলৰ এগৰাকী অন্যতম ৰাজ্যিক আহ্বায়ক ভৱেন সন্দিকৈৰ। আজি ঢকুৱাখনাৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত ৰাইজৰ দলৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সন্দিকৈয়ে আৰু কয় যে-“ঢকুৱাখনা সমষ্টিত ভৰত চন্দ্ৰ নৰহে ২৫ বছৰে যি দুৰ্নীতি, অপশাসন চলাইছিল তাৰ পৰিৱৰ্তন বিচাৰি সকলো শ্ৰেণীৰ ৰাইজে নৱ দলেক বিজয় কৰোৱাইছিল। কিন্তু নৱ দলেয়ে মন্ত্ৰী হৈ যোৱা ৫ টা বছৰে ঢকুৱাখনাৰ ৰাইজক যি শোষণ, দমন আৰু লুণ্ঠন চলাইছে সেইয়া সংবাদ মাধ্যম আৰু ঢকুৱাখনা সমষ্টিৰ সকলো ৰাইজৰ মুখে চৰ্চিত হৈছে। গতিকে এইবাৰ ৰাইজে নৱ দলেৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগে।” ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ভৰত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ আহ্বায়ক ক্ৰমে- ডা০ হৰিকান্ত দাস, অনুপ শইকীয়াই বক্তব্যত কয় যে -” পৰিৱৰ্তনৰ টুপি পিন্ধাই ৰাজ্যৰ জনতাৰ কণ্ঠ অৱৰোধ কৰিব খোজা, ৰাইজৰ সম্পদ বিক্ৰী কৰিব খোজা বেপাৰী দল বিজেপিক ২০২১ চনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়ক। ৰাইজৰ উন্নয়নৰ নামত অহা নানা আঁচনিৰ টকা চান কাঢ়ি ৰাখি সেই টকাৰে নিৰ্বাচনৰ সময়ত নেতাই বিলোৱা সামগ্ৰী, টকা সকলো সুবিধা লওঁক। কিন্তু ভোট দিয়াৰ সময়ত ভাবি-চিন্তি দিয়ক। “ইফালে সভাত উপস্থিত থাকি ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক-লোহিত গগৈয়ে কয় যে-“বিজেপি চৰকাৰে পঞ্জাৱ, হাৰিয়ানাৰ পৰা ৩০/৩৫ টকা দৰত চাইল কিনি আনি অসমত ফ্ৰীকৈ দিছে। আৰু অসমৰ কৃষকক শ্ৰমবিমুখ এলেহুৱা কৰিছে। কিন্তু অসমৰ পথাৰবোৰ সদায় সেউজীয়া কৰা। অসমৰ কৃষকৰ আয় বৃদ্ধিৰ কথা চিন্তা কৰা নাই। ” কিন্তু ৰাইজৰ দ্বাৰা ৰাইজৰ স্বাৰ্থত গঠন হোৱা এই ৰাজনৈতিক দল ৰাইজৰ দলে সদায় ৰাইজৰ জাতীয় স্বাৰ্থত কাম কৰি যাব আপোচবিহীনভাৱে। শাসকীয় চৰকাৰৰ কোনো দমন, ষড়যন্ত্ৰই ৰুধিব নোৱাৰে ৰাইজৰ দলৰ উদ্যম আৰু শক্তিক। উল্লেখ্য যে পূৰ্বে কোনোধৰনৰ সাংগঠনিক ভেটি নথকা ঢকুৱাখনা সমষ্টিত আজি অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন সভাতেই সমষ্টিটোৰ বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা ব্লকৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নিজে নিজেই সমবেত হয়হি শ শ লোক। ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা আজিৰ সভাখনত উপস্থিত থাকে বিশিষ্ট অধিবক্তা, প্ৰবীণ ৰাজনীতিক সোণাধৰ পাতিৰে, ৰাইজৰ দলৰ লখিমপুৰ জিলাৰ মুখ্য আহ্বায়ক-আৰছাদ হাজৰিকা, ধেমাজিৰ ৰাইজৰ দলৰ আহ্বায়ক কেশৱ কৃষ্ণ ছত্ৰধৰা, কৃষক মুক্তিৰ নেতা-ৰাজু ৰাজ বৰপাত্ৰ, সুৰজ বৰুৱাকে আদি কৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

Leave A Reply