ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত্ব স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্য্যসূচী উপলক্ষে আজি মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মেগা ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি পণ্ডিত গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পন কৰে মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকলে ৷মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখ স্থলীৰ পৰা ন-ভেটি স্থিত ঘনকান্ত বৰুৱা মহাবিদ্যালয়লৈ প্ৰায় ৮ কিলোমিটাৰ জুৰি অনুষ্ঠিত কৰা এই দৌৰৰ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মৰিগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতিষ চন্দ্ৰ পেগু লগতে নেহৰু যুৱ কেন্দ্ৰৰ উত্তৰ-পূৱ মণ্ডলা সমন্বয়ক জে. ৰুইভা, হকী ফেডাৰেচন অৱ ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস , জিলা নিৰ্বাচনী বিষয়া দীপমণি ঠাকুৰীয়া , অতিৰিক্ত উপায়ুক্ত ৰিংকং মুছাহাৰী, মৰিগাওঁ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃঅচ্যুত কুমাৰ দাস ,অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰা , মৰিগাওঁ জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদ , নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান , নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰক ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ মুখ্য অতিথি ক্ষিতিশ চন্দ্ৰ পেগু, অসম অলিম্পিক এছছিয়েচনৰ কোষাধ্যক্ষ তপন দাস আৰু নেহেৰু যুৱ কেন্দ্ৰৰ উত্তৰ পূৱৰ সমন্বয়ক জে.ৰুইভাই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত আজি দ্বি- শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ দৌৰ আৰম্ভ হোৱাৰ আগতে উপস্থিত সকলোৱে নিজৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে যত্নপৰ হ’বলৈ শপত গ্ৰহণ কৰে ৷আজিৰ এই দৌৰ কাৰ্য্যসূচীত মৰিগাওঁ জিলাৰ ৰাষ্ট্ৰীয় খেলুৱৈ ক্ৰমে টিপু কুমাৰ নাথ, মুন্না বৰদলৈ, গোলাপ ফাংচু আৰু স্বৰ্ণলতা ফাংচুক ফুলাম গামোচা আৰু জাপি দি সম্বৰ্ধনা জনোঁৱা হয় ৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে দেশৰ ৭৪৪ খন জিলাত থকা নেহৰু যুৱ কেন্দ্ৰসমূহে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এই দৌৰ কাৰ্য্যসূচী হাতত লৈছে ৷ আজি মৰিগাওঁ জিলা ভিত্তিত এই দৌৰ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে জিলাখনৰ গাওঁসমূহ সামৰি যোৱা ১৫ চেপ্তেম্বৰ পৰা এইকাৰ্য্যসূচী অনুষ্ঠিত হৈ আছে আৰু অহা ২ অক্টোবৰলৈ হ’ব বুলি নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ প্ৰধানে জানিবলৈ দিয়ে।