Breaking

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে তামুলপুৰৰ নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা বৃহৎ খাদ্য মেলা

0 575

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে তামুলপুৰৰ নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা বৃহৎ খাদ্য মেলা। বিভাগটোৰ অংগনবাড়ী কর্মী-সহায়িকা সকলৰ দ্বাৰা নাগ্ৰীজুলি ভিচিডিচি কাৰ্যালয়ত বিভিন্ন পুষ্টিকৰ খাদ্যৰ সম্ভাৰৰ এক প্ৰদৰ্শনমূলক প্ৰতিযোগিতা অনুষ্ঠিত হয়।পিঠা-পনাৰ পৰা আৰম্ভ কৰি সেউজীয়া শাক-পাচলি,মাছ-মাংস কেঁচা সামগ্ৰী,ফল মূল আদিৰ সম্ভাৰে ভৰি পৰে কাৰ্যালয়টোৰ চৌপাশ। শিশু,গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্রকল্প কাৰ্যালয়ৰ অধীনৰ দহটা অংগনবাড়ীৰ কর্মী,সহায়িকা দলে থলুৱা ভাবে ঘৰতে এইসমূহ খাদ্য প্ৰস্তুত কৰি আনি প্ৰদৰ্শন কৰাৰ লগতে শাক-পাচলিৰ দ্বাৰা আল্পনাঃও প্রদর্শন কৰে।

উক্ত দহটা প্ৰদৰ্শনকাৰী দলৰ খাদ্য সম্ভাৰ আৰু আল্পনাঃ সমূহ নিৰীক্ষণ কৰে বি টি আৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভা, খাটৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডঃ মনোহৰ দাস, নাগ্ৰীজুলি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সহকাৰী বিষয়াৰ লগতে মাতৃ বন্দনাৰ সমন্বয়ক আৰু নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কাঞ্চন মজুমদাৰে।ইয়াৰ পিছতে কাৰ্যালয়টোত অনুষ্ঠিত হয় এক সজাগতামূলক সভা।

Leave A Reply