Breaking

মেঘালয়ৰ ৭ খন জিলাত পুনৰ ৪৮ ঘণ্টালৈ ম’বাইল ইন্টাৰনেটৰ নিষেধাজ্ঞা বৃদ্ধি…

0 81

ৰাজ্যখনত অধিক হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মেঘালয় চৰকাৰে সাতখন জিলাত মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধৰ সময় আৰু ৪৮ ঘন্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।মেঘালয় চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে পশ্চিম জয়ন্তীয়া পাহাৰ, পূব জয়ন্তীয়া পাহাৰ, পূব খাছি পাহাৰ, ৰি-ভয়, পূব পশ্চিম খাছি পাহাৰ, পশ্চিম খাছি পাহাৰ আৰু দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাত ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধ হৈ থাকিব।

প্ৰসংগক্ৰমে ৰাজ্যৰ ৰাজধানী শ্বিলঙত একাংশ দুষ্কৃতিকাৰীয়ে ট্ৰেফিক বুথ জ্বলাই চিটি বাছকে ধৰি তিনিখন আৰক্ষীৰ বাহনত আক্ৰমণ কৰাৰ পিছত উত্তেজনাই জুৰুলা কৰে।খবৰ অনুসৰি পৰিস্থিতি শান্ত কৰিবলৈ প্ৰতিবাদকাৰীসকলে নিয়োজিত আৰক্ষী বাহিনীক শিলগুটি আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে।

অসম-মেঘালয় সীমান্তত চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতিবাদত একাংশ গোটে আহ্বান কৰা মমবাতিৰ পোহৰত প্ৰতিবাদৰ সময়ত সংঘটিত হয় এই ঘটনা।ইয়াৰ পূৰ্বে মঙলবাৰে মঙলবাৰে বিয়লি গাঁওবাসী আৰু অসমৰ পৰা অহা আৰক্ষী আৰু বনৰক্ষীক লৈ গঠিত এটা দলৰ মাজত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱা সংঘৰ্ষত ছজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।অসমৰ পশ্চিম কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুখৰো গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ। নিহতসকলৰ ভিতৰত আছিল অসমৰ এজন বনৰক্ষী।

Leave A Reply