Breaking

কেওঁট জনগোষ্ঠীৰ অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ; কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালেক সাক্ষাৎ

0 164

অসমৰ প্ৰাচীন জনগোষ্ঠী হৈছে কেওঁট জনগোষ্ঠী। কেওঁট সকলৰ বিভিন্ন সমস্যা তথা দাবী সমূহ পূৰণ কৰাত কেওঁট জনগোষ্ঠীটোক প্ৰতিখন চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি অভিযোগ আছে।

চৰকাৰ আহিছে আৰু গৈছে বিভিন্ন সময়ত বাৰে-বাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কেওঁট জনগোষ্ঠীটোৰ বিষয়ববীয়া সকলক সমস্যা সমাধানৰ ক্ষেত্ৰত দাবী জনায় আহিছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ।

সেয়েহে মঙ্গলবাৰে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালেক অসম ভ্ৰমণত অহাৰ সময়ত পুনৰবাৰ কেওঁট জনগোষ্ঠীৰ এক সজাতি দলে গুৱাহাটীত গৈ সাক্ষাৎ কৰি কেওঁট সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে আন্তৰিক সম্ভাষন জনায়।

সদৌ অসম কেওঁট সন্মিলনৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিৰ নেতৃত্বত যোৱা সজাতি দলটোৱে জাপি , শৰাই আৰু ফুলাম গামোচাৰে মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি আশ্বাস দিয়ে যে অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ে আলোচনা কৰা হ’ব বুলি।

মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ সময়ত সদৌ অসম কেওঁট সন্মিলনৰ সভাপতি ড০ বসন্ত কুমাৰ দাস, ৰাজ্যিক সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, উপ-সভাপতি নিৰঞ্জন বৰা, সহকাৰী সম্পাদক শুক্ৰেশ্বৰ হালৈ, সাংগঠনিক সম্পাদক নিলমনি বৰা, যুৱ মৰ্চাৰ সভাপতি জয়ন্ত ঠাকুৰীয়া, বিটিআৰৰ সভাপতি মুনিন্দ্ৰ কাকতি, সম্পাদক ৰমেশ হালৈকে ধৰি বিভিন্ন জিলা সমিতিৰ সভাপতি সম্পাদক সকল।

Leave A Reply