Breaking

শ্বহীদ বাবলু ৰাভাৰ স্মৃতিত স্মৃতি সৌধ নিৰ্মাণ…

0 1,058

২০২১ বর্ষত ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ ভয়াবহ আক্ৰমণত শ্বহীদ হোৱা গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী দামৰা পাটপাৰাৰ  চিআৰপিএফ কোব্ৰা বেটেলিয়েনৰ বীৰ জোৱান শ্বহীদ বাবলু ৰাভাৰ আজি প্ৰথম বার্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে শ্বহীদ জোৱান বাবলু ৰাভাৰ আজি প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ দুধনৈৰ নিকটৱৰ্তী দামৰা-পাটপাৰাত শ্বহীদ গৰাকীৰ নিজা বাসগৃহত উন্মোচন কৰা হয় প্ৰতিমূৰ্তিটো I শ্বহীদৰ মাতৃ আৰু চি.আৰ.পি.এফৰ সহ কামাণ্ডাৰ সুনীতা শৰ্মাই উন্মোচন কৰে বাবলু ৰাভাৰ প্ৰতিমূৰ্তি। দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ গৰাকীৰ স্মৃতিৰ অনুষ্ঠানতে সকলোৱে উচুপি উঠে।

বাবলু ৰাভাৰ শ্বহীদ হোৱা এবছৰীয়া পূণ্যতিথি হিচাপে শ্বহীদৰ স্মৃতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত বীৰ শ্বহীদ গৰাকীৰ স্মৃতিত প্ৰকাশ কৰা ‘শ্ৰদ্ধাৰ্ঘ্য’ কবিতা সংকলন উন্মোচন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহীধৰ ৰাভাই। উন্মোচনী অনুষ্ঠানত দামৰা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজৰ লগতে আৰক্ষী-অৰ্ধ সামৰিক বাহিনী আৰু গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভা, সম্পাদক তিলক ৰাভা,  গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰে স্থানীয় সমাজকৰ্মী শচীন পাটগিৰীয়ে। অনুষ্ঠানৰ মাজতে ৰাভা কৃষ্টিও প্ৰদৰ্শন কৰা হয়। 

Leave A Reply