Breaking

 হোলোঙাপাৰস্থিত  জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম প্ৰাংগনত  স্মাৰক বক্তৃতাৰ আয়োজন

0 244

অসমীয়া জাতিৰ স্বাভিমান, সাহস আৰু শৌৰ্য বীৰ্যৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱসটি সোমবাৰে  যোৰহাটৰ হোলোঙাপাৰৰ লাচিত মৈদাম  প্ৰাঙ্গণত  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে স্হানীয় ৰাইজৰ সহযোগত উদযাপন কৰা  দিৱসটিৰ লগত সংগতি ৰাখি পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় লাচিত বৰফুকন স্মাৰক বক্তৃতা ।

জাতীয় বীৰ গৰাকীৰ মৃত্যু দিৱস উদযাপনৰ লগত সংগতি ৰাখি  পুৱা পতাকা উত্তোলন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱাই ৷ মৈদাম তৰ্পণ অনুষ্ঠান মুকলি কৰে সমাজকৰ্মী তিলেশ্বৰ ফুকনে ৷ ইয়াৰ পাচতে পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন হয় ফুৰালুং ৷ দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হয় “লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধ” শীৰ্ষক বিষয়ত প্ৰথম বাৰ্ষিক লাচিত বৰফুকন স্মাৰক বক্তৃতা ৷ 

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আনুষ্ঠানিকভাবে উদ্ধোধন কৰা  বক্তৃতানুষ্ঠানটোৰ  সঞ্চালনা কৰি বিশিষ্ট শিক্ষাবিদ তথা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি ড° দয়ানন্দ  বৰগোঁহায়ে  স্মাৰক বক্তৃতা প্ৰদান কৰে । কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ৰূপৰেখা বৰদলৈ,অৱসৰপ্ৰাপ্ত অধ্যক্ষ  ৰত্নেশ্বৰ গগৈয়ে  বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে । বিকাশ সন্দিকৈয়ে আদৰণি ভাষন প্ৰদান কৰা তথা তুফেল জিলানীয়ে আতধৰা অনুষ্ঠানত মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদক মহেন্দ্ৰ গগৈয়ে শলাগ জ্ঞাপন কৰে ।

Leave A Reply