Breaking

বঙাইগাঁৱত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা

0 2,191

ইংৰাজী ভাষা সাহিত্যৰ নীৰৱ সাধক, গোৱালপৰীয়া তথা ৰাজবংশী ভাষা বিজ্ঞানৰ গৱেষক, বিশিষ্ট শিক্ষাবিদ কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা এখন দেওবাৰে  অনুষ্ঠিত হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘুনাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিধন ডেকাই ৷  ইয়াৰ পিছতে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত আদৰণি ভাষণ ৰাখে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট নাট্যকৰ্মী তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক পংকজ শৰ্মাই ৷

স্মৃতিচাৰণ সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰ, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকা ড° বন্দিতা মজুমদাৰ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মা, বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, প্ৰাক্তন ছাত্ৰ তথা উত্তৰ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সতীন ৰায়, পুৰণি বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন কিশোৰ ৰায়, বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মা,  সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ,  লীনা সিংহ, বঙাইগাঁও বি এড কলেজৰ অধ্যক্ষা অমীয়া শইকীয়া, প্ৰাক্তন ছাত্ৰ তথা পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষক দীনবন্ধু ৰায় , টুনীয়া সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ সভাপতি ধীৰেশ ৰায়, প্ৰাক্তন ছাত্ৰী তথা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা যমুনা ৰায়, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অমৰেন্দ্ৰ বৰুৱা, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাণিক চন্দ্ৰ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত শিক্ষাবিদ তথা গৱেষকগৰাকীৰ সৃষ্টিশীল কৰ্মৰাজী, সুবিশাল ব্যক্তিত্ব, সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে গুণানুকীৰ্তন কৰাৰ লগতে লাভ কৰা সানিধ্যৰ স্মৃতি ৰোমন্থন কৰে ৷

আনহাতে বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই প্ৰয়াত শিক্ষাবিদগৰাকীৰ সোঁৱৰণত লিখা ‘ সহযাত্ৰীৰ সোঁৱৰণত’ শীৰ্ষক কবিতাৰে শ্ৰদ্ধাঞ্জলি জনায় ৷ কবিতাটি গণেশ্বৰ দেৱ শৰ্মাই পাঠ কৰে ৷ সেইদৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিৰণ ৰায়েও এটি স্বৰচিত কবিতা পাঠ কৰি প্ৰয়াত শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁও নিবাসী প্ৰয়াত শিক্ষাবিদ তথা গৱেষকগৰাকী বৃহত্তৰ বঙাইগাঁও অঞ্চলত ‘দেৱ ছাৰ ‘ হিচাপে সৰ্বজন সমাদৃত আছিল ৷ তেওঁ আছিল প্ৰচাৰ বিমুখ ৷ নিজকে কেতিয়াও জহাই ফুৰিবলৈ ভাল পোৱা নাছিল ৷ একেদৰে নিজৰ নীতি আৰু আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল ৷ এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে প্ৰয়াত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱে অঞ্চলটোত কেইবাখনো শিক্ষানুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ সেইদৰে বিভিন্ন বাতৰি কাকত – আলোচনীত বিভিন্ন প্ৰৱন্ধ তথা লিখনি প্ৰকাশ পোৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ ‘SELECT VOCABULES OF KOCH RAJBONSHI LANGUAGE WITH SOURCES & ETYMOLOGY’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনে বিদ্বান সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ স্মৃতিচাৰণ সভাত বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত দেৱৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ ওপৰত গুৰুত্বপ্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ সেইদৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক দিদ্যালয়ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰয়াত দেৱৰ সোঁৱৰণত এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ লগতে তেওঁৰ স্মৃতিত প্ৰতি বছৰে স্মাৰক বক্তৃতা আয়োজনৰ পোষকতা কৰে ৷ লগতে ইংৰাজী ভাষা – সাহিত্যৰ নীৰৱ সাধকগৰাকীৰ নামত বঙাইগাঁৱত ইংৰাজী ভাষা শিক্ষণ কেন্দ্ৰ এটি স্থাপনৰো পোষকতা কৰে ৷ আনহাতে সভাৰ সঞ্চালক ড° মৰমী বৰঠাকুৰ তালুকদাৰে নিজৰ ভাষণত এতিয়াৰে পৰা প্ৰয়াত বিশিষ্ট গৱেষক তথা শিক্ষাবিদগৰাকীৰ ক্ষেত্ৰত প্ৰচাৰ বিমুখ শব্দটো পৰিহাৰ কৰি সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত তেওঁক চিনাকি কৰাই দিবলৈ সকলোকে আহ্বান জনায় ৷ তেওঁ শেষত ‘মৃত্যু ‘ শীৰ্ষক এটি কবিতা পাঠ কৰি সঞ্চালকৰ ভাষণৰ সামৰণি মাৰে ৷ উল্লেখ্য যে যোৱা ২৯ জুলাইৰ পুৱা পুৰণি বঙাইগাঁৱৰ উলুপাৰাস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰা প্ৰয়াত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুৰ এমাহ পূৰ্তি উপলক্ষে দেওবাৰে এই স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছিল ৷ স্মৃতিচাৰণ সভাত পৰিয়ালৰ সদস্যও উপস্থিত থাকে ৷ স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে গুৰুবন্দনা পৰিৱেশন কৰে শৈলেন ৰায় আৰু উমানন্দ পাঠকে ৷ 

Leave A Reply