Breaking

দেৰগাঁৱৰ নাৰিকলগুৰিৰ মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক নিৰুদ্দেশ

0 1,137

নাৰিকলগুৰিৰ দেৰগাঁও আৰক্ষী থানাৰ সমীপৰ বুবু আহমেদ নামৰ ৪০ বছৰীয়া এজন যুৱক ১৬ ছেপ্টেম্বৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথা পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰা নাই দেৰগাঁও আৰক্ষীয়ে। মানসিকভাৱে বাধাগ্ৰস্ত যুৱকজনক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।মুখেৰে স্পষ্ট ভাবে কথা কব নোৱাৰা মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক জনৰ বিষয়ে কোনো লোকে সম্ভেদ লাভ কৰিলে ততালিকে দেৰগাঁও আৰক্ষী থানাৰ লগত নাইবা ৮৮২২৯২৬৩৪৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ যুৱক জনৰ মাতৃয়ে কাতৰ আহ্বান জনাইছে।

Leave A Reply