Breaking

গোগামুখৰ মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা হিতাধিকাৰীক সূতা বিতৰণ

0 81

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখৰ মিংমাঙত পৰিষদৰ আবন্টিত পূঁজিৰ অধীনত হিতাধিকাৰীক সূতা বিতৰণ কৰা হয়৷

পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ পৰা বিতৰণ কৰা উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ সূতা বিতৰণ কৰি তেওঁ কয়- মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমূখী কাম-কাজ অব্যাহত ৰাখিছে ৷

পৰিষদৰ অন্তৰ্গত ৰাইজক কাম বিচাৰি বহিঃ ৰাজ্য গমন প্ৰতিৰোধ কৰিবলৈ জীৱন-জীৱিকা আঁচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ এইমতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰশিক্ষক, সমল ব্যক্তিৰ  দ্বাৰা নিৱনুৱা সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৷ তেওঁ কয়- আজি বিতৰণ কৰা  সূতাসমূহ অতি উন্নত মানৰ ৷ 

যিসকলে এই সূতা  লাভ কৰিছে এইসকলে ইয়াৰ পৰা উন্নত মানৰ বস্ত্ৰ উৎপাদন কৰিব পাৰিব বুলিও তেওঁ মন্তব্য দিয়ে ৷ সূতা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ অনুষ্ঠানটো আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৫ নং গোগামুুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, ধেমাজি আই টি ডি পিৰ সদস্য ৰুণু কুলি,  মিংমাং আঞ্চলিক টি এম পি কেৰ তদাৰকী অৰবিন্দ চাংমাই,  টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ উপসভাপতি জিতাৰাম টায়ুং, সদস্য মহানজিৎ মিলি, সাংগঠনিক সম্পাদক নুহিন্দ্ৰ গাম, সহকাৰী সম্পাদক জোন পাঠৰি, এম এম কেৰ ধেমাজি জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক তুল কুমাৰ টায়ুং, গণশক্তিৰ মিংমাং সমষ্টিৰ সম্পাদক ঘনশ্যাম দলে আদিয়ে৷

Leave A Reply