Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মহিলা এছ এল সম্পন্নঃ চূড়ান্ত খেলত চি জ’ন চেম্পিয়ন…

0 43

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এম এ চি  ছুপাৰ লীগ  ১৫ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰিছে ৷ কালি অনুষ্ঠিত হোৱা ফাইনেল খেলত চি জ’নে বি জ’নক ৩-০ গ’লৰ ব্যবধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে ৷ কালি খেলখনৰ প্ৰথমাৰ্ধৰ পৰাই চি জ’নে  আক্ৰমনাত্মক খেল আৰম্ভ কৰি বি জ’নক চাপত ৰাখি মাত্ৰ ৮ মিনিটৰ ব্যবধানত প্ৰথমটো গ’ল আহে চি জ’নৰ অভিজ্ঞ ষ্ট্ৰাইকাৰ জয়ন্তী চৰেণৰ পৰা ৷ চি জ’নৰ ৰাইট উইংগাৰ পাঁহি দলেয়ে ক্ৰছ কৰা বল জয়ন্তী চৰেণে কোনো ভুল নকৰাকৈ নেটলৈ ঠেলি পঠিয়াই ১-০ গ’লৈ চি দলক আগুৱাই নিয়ে ৷ প্ৰথমাৰ্ধৰ ২০ মিনিটত চি জ’নলৈ আন এটা গ’ল আহে ৷ চি জ’নৰ অভিজ্ঞ ডিফেণ্ডাৰ জোনাকী দলেয়ে মিড প্লেয়াৰ কুইন কুটুমলৈ ঠেলি দিয়ে আৰু কুইনে চি জ’নৰ লেফ্ট উইংগাৰ অষ্টমী বড়োলৈ প্লাছ কৰি দিয়াত অষ্টমীয়ে সুন্দৰ কোবাল চটেৰে বি জ’নৰ নেট কঁপাই দিয়ে ৷

  চি জ’নে বিৰতিলৈ ২-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে ৷ দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰা পুনৰ চি জ’নে বি জ’নৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷  আক্ৰমণ চলি থাকোঁতে  ফুটবল খেলপথাৰৰ নৱাগত খেলুৱৈ তথা ৰাইট উইংগাৰ পাঁহি দলেয়ে চি জ’নৰ অভিজ্ঞ লেফ্ট ডিফেণ্ডাৰ মৰমী বড়োৱে দিয়া পাছ আয়ত্ত কৰি বি জ’নৰ তিনিগৰাকী ডিফেণ্ডাৰ পাৰ কৰি শক্তিশালী চটেৰে গ’ল দি  চি জ’নৰ বিজয় নিশ্চিত কৰে ৷ সমগ্ৰ টুৰ্নামেণ্টত চি জ’নৰ ডিফেণ্ডাৰ তথা মিডৰ খেলুৱৈ মধুস্মিতা গগৈয়ে প্ৰতিভা অনুযায়ী ভালদৰে খেলাৰ সুযোগ নাপালে ৷ সমগ্ৰ টুৰ্নামেণ্টত ১১ বছৰীয়া ছোৱালী তথা চি জ’নৰ মিড ফিল্ডাৰ কুইন কুটুমৰ খেলে সকলো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ পৰা এ, বি, চি, ডি, ই, এফ বুলি ৬ টা জ’নত ভাগ ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল ৷ উক্ত শিবিৰৰ পৰাই প্ৰতিটো জ’নৰ বাবে ১৮ জনকৈ খেলুৱৈ নিৰ্বাচিত কৰি এম এ চি ছুপাৰ লীগ অনুষ্ঠিত কৰিছিল ৷ টুৰ্নামেণ্টখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰি চি জ’নৰ কুইন কুটুমে ৷

শ্ৰেষ্ঠ গ’ল দাতাৰ সন্মান লাভ কৰে চি জ’নৰ অষ্টমী বড়োৱে ৷ অষ্টমীয়ে ৬ খন খেলত ৮ গ“ল দিবলৈ সক্ষম হয় ৷ ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চি জ’নৰ খেলুৱৈ জয়ন্তী চৰেণে ৷ জয়ন্তীয়ে ৬ খন খেলত ৭ গ’ল দিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান লাভ কৰে চি জ’নৰ বন্টি আয়ানে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাসকলে নগদ ১০ হেজাৰ টকা, মানপত্ৰ, সোণৰ পদক আৰু একোটাকৈ ট্ৰফী লাভ কৰে ৷  ফাইনেল খেলৰ চেম্পিয়ন চি জনে লাভ কৰে নগদ ১ লাখ টকাৰ লগতে এখন আকৰ্ষণীয় ট্ৰফী ৷ বিজিত দল বি জ’নে লাভ কৰে ৫০ হেজাৰ টকা, এটি ট্ৰফী,  মানপত্ৰ আৰু ৰূপৰ পদক ৷ চেম্পিয়ন চি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাামে ৷ বিজিত দল বি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ পুৰস্কাৰ বিতৰণী সভাত উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, জ’হান দলে, নৰেশ কুম্বাং, প্ৰভাত বসুমতাৰী, প্ৰশান্ত বড়ি, দেৱৰঞ্জন মৰাং, অধ্যক্ষ-সচিব যাদৱ পেগু,  সাধাৰণ সদস্য দিলীপ পেগু, ৰাজু পেগু, লাবন্য মিলি আদিয়ে। 

Leave A Reply