Breaking

লামডিঙত ফুটবলৰ চুড়ান্ত খেলখনত মিলন সংঘ ফুটবল দল জয়ী

0 25

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত চলি থকা নকআউট ফুটবল প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন অনুষ্ঠিত কৰা হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ চুড়ান্ত প্ৰতিযোগিতা কৰা হয়।ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ছেলী ‘ছ কোচিন বনাম মিলন সংঘ দলৰ মাজত অনুষ্ঠিত কৰা হয়।মিলন সংঘ ফুটবল দলে  ছেলী ছ কোচিন ছেন্ট্ৰাৰ ফুটবল দলক 3 – 2 গ’লত পৰাস্ত কৰে।চুড়ান্ত খেলখনৰ শুভ উদ্বোধন  কৰে বিধায়ক শিবু মিশ্ৰ,। লগতে ফুটবল খেলৰ সামৰনি অনুষ্ঠানৰ বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি খেলখনৰ মূখ্য অতিথিৰূপে  খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ  বিধায়ক শিবু মিশ্ৰ,লামডিঙ টাউন মণ্ডল বিজেপিৰ সভাপতি দেৱাশিস সেনগুপ্ত, মিৰা মিশ্ৰ, জয়ন্ত দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট ব্যক্তি। মানব দৰদী অনিমেষ মিশ্ৰ যুৱপ্ৰজন্মক খেল তথা সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ প্ৰয়াসেৰে এনেধৰনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

Leave A Reply