Breaking

সন্ত্ৰাসবাদ বিৰোধী অভিযানত উগ্ৰপন্থীৰ আক্ৰমণ! কাশ্মীৰত বোমা বিস্ফোৰণত দুজন সেনা বিষয়া নিহত, আহত চাৰিজন

0 68

কাশ্মীৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ। শুকুৰবাৰে ৰাজৌৰী ছেক্টৰত উগ্ৰপন্থীৰ আক্ৰমণত দুজন সেনা বিষয়া নিহত হয়। গুৰুতৰভাৱে আহত ৪ গৰাকী সেনা বিষয়া চিকিৎসাধীন হৈ আছে।

সেনাৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ৰাজৌৰী খণ্ডৰ অন্তৰ্গত কান্দি বনাঞ্চলত সন্ত্ৰাস বিৰোধী অভিযান চলাই আছিল।

চাৰিওফালৰ অঞ্চলত পুংখানুপুংখ অনুসন্ধান চলি আছিল। সেই সময়ত জোৱানসকলৰ ওপৰত বোমা নিক্ষেপ কৰা হৈছিল। বিস্ফোৰণৰ প্ৰভাৱত থিতাতে মৃত্যু হয় দুজন লোকৰ।

Leave A Reply