Breaking

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ক্ষান্ত নহয় কন্যাক

0 170

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন নগালেণ্ডৰ পৰা বাতিল নকৰা পৰ্যন্ত কন্যাক সকল ক্ষান্ত নহয়। এই আইনৰ সুৰুঙাৰে উগ্ৰপন্থী বিচৰাৰ নামত বহু নিৰীহ লোকক অত্যাচাৰ কৰা হ’ল। বহু লোকৰ প্ৰাণ গ’ল । আৰু সহ্য কৰা নহ’ব । বনৰীয়া জন্তুক হত্যা কৰা দৰে সেনাই নিৰীহ নগালোকক হত্যা কৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব। নগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই এই বাতিল কৰিব লাগিব”। এই হুংকাৰ নগালেণ্ডৰ মন জিলাৰ টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ। 

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত আৰু নগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত যোৱা চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজি জিলাখনৰ টিজিতত ৰূপায়ন হোৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ উপদেষ্টা মানছেন কন্যাকে। উল্লেখ্য যে আজি পুৱাৰ ভাগত টিজিতৰ পেনটম জাংচনৰ পৰা নামচালৈকে উলিওৱা প্ৰায় চাৰি কিলোমিটাৰ জোৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰা পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। টিজিত চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত কন্যাক মহিলা সমিতি, কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বহু কেইটা স্থানীয় সংগঠনৰ ওপৰিও ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক’লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন তথা অ’টিংবস্তিৰ নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ‌ কৰে প্ৰতিবাদী জনতাই।

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰে বুলিও হুংকাৰ দিয়ে। সেনাৰ হাতত বন্দুক আছে যদিও কন্যাক নগাই ভয় নকৰে, নগাৰ হাতত থকা দাখনেই যথেষ্ট বুলি মন্তব্য প্ৰতিবাদী নগালোকৰ। ইফালে প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে। টিজিত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বি টিংখাপে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা লগতে অ’টিংবস্তি কাণ্ডৰ লগত জড়িত দোষী ব্যক্তিক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে। পাহাৰীয়া ৰাজ্যখনৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে শান্তিৰে জীৱন নিৰ্বাহ কৰি থকাৰ পাছতো কেন্দ্ৰ চৰকাৰে জনসাধাৰণক সুৰক্ষা দিবলৈ নিয়োজিত কৰা সেনা জোৱানেহে এতিয়া জিলা খনত অশান্তি সৃষ্টি কৰিছে বুলি মন্তব্য কৰে

ইফালে কন্যাক মহিলা সমিতিৰ সভানেত্ৰী গৰাকীয়ে নগালেণ্ডৰ পৰা আফস্পা আইন প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে নগালেণ্ডক  পাকিস্তান বুলি নাভাবিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় কটাক্ষ কৰা পৰিলক্ষিত হয়।

Leave A Reply