Breaking

সংমণ্ডলৰ বিষয়াৰ দায়িত্বহীন কাণ্ডৰ বাবেই জহি – খহি গৈছে বহু লাখ টকীয়া ট্ৰেন্সফৰ্মাৰ

0 2,021

বিগত সৰ্বানন্দ সোনোৱাল নেৰ্তৃত্বাধীন অসম চৰকাৰে ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুৎ থাকিব আৰু কংগ্ৰেছ নেৰ্তৃত্বাধীন চৰকাৰৰ দিনত বিদ্যুতৰ পোহৰ নপৰা শ শ গাৱঁত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ কৰা হ’ব বুলি কোটি কোটি টকা ব্যয়েৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া ফটাঢোল কোবোৱাহে পৰিলক্ষিত হ’ল । শেহতীয়াকৈ   যোৱা কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈথকত ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যত বিদ্যুৎ যোগান ব্যৱস্থা সুচল আৰু বিদ্যুৎ অপচয় ৰোধৰ বাবে ৩৫০.০৮ কোটি টকাৰ অনুমোদন জনায় । উক্ত পুজিৰে ৯ হাজাৰটা বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ , ৭০ টা পূৰ্বনিৰ্মিত কম্পেক্ট ছাবষ্টেচন , ১১ টা পাৱাৰ ট্ৰেন্সৰ্ফমাৰ ক্ৰয় আৰু স্থাপনৰ লগতে ৪,২০০ টা ক্ষতিগ্ৰস্ত বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ মেৰামতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু চৰম পৰিতাপৰ বিষয় যে, চৰকাৰৰ এনে অভিলাসী সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে বিগত সময়ত চৰকাৰে নাজিৰা বিদ্যুৎ বিতৰক সংমণ্ডলৰ অধীনস্থ গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৈ গ্ৰাম্যাঞ্চলত বিদ্যুৎ সংযোগৰ বাবে যোগান ধৰা লাখ লাখ টকীয়া বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ সম্প্ৰতি  জহি – খহি যাব ধৰিছে । গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৰ বিষয়াৰ এনে দায়িত্বহীন কাণ্ডৰ বাবেই চৰকাৰে যোগান ধৰা কেইবাটাও ট্ৰেন্সৰ্ফমাৰ বিকলহৈ পৰাৰ উপৰি বৰ্তমানেও সংমণ্ডলৰ অধীনস্থ নাজিৰা সমষ্টিৰ লগতে মাহমৰা আৰু সোণাৰী বিধান সভা সমষ্টিৰ একাংশ গাঁৱত বৰ্তমানেও বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষই । বহু গাৱঁৰ শ শ পৰিয়ালে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰি দিনে দিনে গড়গাঁও বিদ্যুৎ উপ – সংমণ্ডলৰ কাৰ্যালয়লৈ তাতবাতি কৰাৰ উপৰি বহু গাৱঁত বিতৰণযোগ্য ট্ৰেন্সৰ্ফমাৰ বিকল হৈ পৰাত অন্ধকাৰত দিন অতিবাহিত কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে । অঞ্চলবিশেষৰ জনগণে  স্থানীয় বিধায়ক – মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন – নিবেদন কৰিও কোনো সহাৰি নোপোৱাত জনগণ ক্ষোভিতহৈ পৰিছে । এই ক্ষেত্ৰত বিভাগীয় শক্তিমন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক ৰাইজে সু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । 

Leave A Reply