মিচিং ভাষা-সাহিত্যৰ একমাত্ৰ সংগঠন মিচিং আগম কেবাঙৰ পত্ৰিকা ‘মিমাং’ আজি গোগামুখত উন্মোচন কৰাৰ লগতে বিতৰণ কৰা হয়৷ ধেমাজি জিলাৰ গোগামুখৰ লটাকস্থিত এন চি ডি মহাবিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মিমাং পত্ৰিকাখন উন্মোচন আৰু বিতৰণ কৰে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সভাপতি হৰিনাৰায়ণ পেগু আৰু এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলেয়ে৷ তেওঁলোকক সহযোগ কৰে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় প্ৰাক্তন সচিব ডিম্বেশ্বৰ দলে, কালিনাথ পাংগিং, মিমাঙৰ সম্পাদক দুষ্যন্ত নৰহ, প্ৰবীন দলে, কেন্দ্ৰীয় কাৰ্যকৰী সদস্য য়ক্ছা কুলি আদিয়ে৷

আগম কেবাঙৰ ফালৰ পৰা এন চি ডি মহাবিদ্যালয়ক ৫০ কপি আৰু গোগামুখ বাংকে আগম কেবাঙক ৫০ কপি মিমাং বিক্ৰী আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে আগবঢ়োৱা হয়৷ এন চি ডি মহাবিদ্যালয়ৰ হৈ মিমাং পত্ৰিকা গ্ৰহণ কৰে এন চি ডি মহাবিদ্যালয়ৰ উপাধ্যক্ষা পাৰিজাত পেগু, সহকাৰী অধ্যাপক দীপশিখা ফুকনে৷ গোগামুখ বাংকে আগম কেবাঙৰ হৈ মিমাং পত্ৰিকা গ্ৰহণ কৰে গোগামুখ বাংকে আগম কেবাঙৰ সভাপতি ৰমা দলে, সম্পাদক সদানন্দ পেগু আৰু উপসভাপতি অনুজ পাইটে৷ ইয়াৰ পাছতে মিমাং পত্ৰিকা সম্পৰ্কত এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলেৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য বক্তা হিচাপে বক্তব্য আগবঢ়াই মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সভাপতি হৰিনাৰায়ণ পেগুৱে৷ ভাষা সম্পৰ্কত তেওঁ কয়- ভাষা-সাহিত্য এটা জাতিৰ দাপোন স্বৰূপ৷ যি জাতিৰ ভাষা নাই এই জাতি অন্ধকাৰত নিমজ্জিত হৈ থাকিব লগা হয়৷ সকলোৱে সকলো জাতি-জনজাতিৰ ভাষা শিকিবলৈ প্ৰচেষ্টা চলাব লাগে৷ যিমানেই ভাষা শিকিব ইমানেই জ্ঞানৰ ভাণ্ডাৰ বেছি হ’ব বুলি তেওঁ দোহাৰে৷ তেওঁ লগতে মিচিং ভাষাটো তেনেই শিকিবলৈ সহজ৷
অলপ মনোযোগ দিলেই সকলো শ্ৰেণীৰ লোকে মিচিং ভাষাটো ক’ব আৰু লিখিব পাৰে বুলিও তেওঁ দোহাৰে৷ সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব ডিম্বেশ্বৰ দলে, কালিনাথ পাংগিং, প্ৰাক্তন কাৰ্যকৰী সদস্য টুনিৰাম পাংগিং আদিয়ে৷ সভাত উপস্থিত থাকে মিচিং আগম কেবাঙৰ প্ৰাক্তন সহকাৰী সম্পাদক ড° অনিল কুমাৰ পেগু, আলোচনী সম্পাদক প্ৰবীন দলে, প্ৰণৱ দলে, গ্ৰন্থাাগাৰিক নিৰ্মল নৰহ, প্ৰাক্তন সহকাৰী সম্পাাদক ভৱ দলে, গোগামুখ বাংকে আগম কেবাঙৰ সভাপতি ৰমা দলে আৰু সম্পাদক সদানন্দ পেগুৱে আদিয়ে ৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মিমাং পত্ৰিকাৰ সম্পাদক দুষ্যন্ত নৰহে৷

