Breaking

দৰং জিলাৰ মিনাক্ষী গোস্বামীয়ে অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত…

0 74

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বড়িগাওঁ নিবাসী পিতৃ দয়ানন্দ গোস্বামী আৰু মাতৃ নিলিমা গোস্বামীৰ ছোৱালী শ্ৰীমিনাক্ষী গোস্বামীয়ে KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR JUNIOR EVENT ত প্ৰথম স্হান দখল কৰি অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে ।


মাৰ্চ মাহৰ ৮ তাৰিখৰ পৰা উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগীতাত মিনাক্ষীয়ে অংশগ্ৰহণ কৰিব । আজি মিনাক্ষী উত্তৰ প্ৰদেশলৈকে ৰাওনা হ’ব । এই শুভ মুহূৰ্তত মিনাক্ষীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ । সুন্দৰ পদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিলোঁ ।


ভগৱানে মিনাক্ষীক শক্তি প্ৰদান কৰক । মিনাক্ষী ৰ এই যাত্ৰাৰ সময়ত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি তথা দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply