Breaking

আকাশ চুবলৈ মন!সেয়েহে বিশেষভাৱে সক্ষম দলটিৰ বিশেষ সাংস্কৃতিক সন্ধিয়া দৰঙৰ বৰপথাৰত

0 1,117

দৰঙৰ বৰপথাৰ নৱমিলন সংঘৰ বাকৰিত ৰঙালী বিহু আৰু বাৰে ৰহনীয়া সাংষ্কৃতিক অনুষ্ঠানে হৃদয় চুই যায় সমগ্ৰ বৰপথাৰ বাসীক৷এই বৰপথাৰ নৱমিলন সংঘৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক ৰঙালীবিহু আৰু বাৰেৰহনীয়া সাংষ্কৃতিক অনুষ্ঠান অগনন দৰ্শক শ্ৰুোতাৰে পৰিপূৰ্ণহৈ পৰে। সংঘৰ সভাপতি তনুৰাম ডেকাই পতাকা উত্তোলনৰে আৰম্ভ কৰা বাৰে ৰহনীয়া সাংষ্কৃতিক অনুষ্ঠানত ভালেমান কায্যসূচী ৰূপায়ন কৰে । সন্ধিয়া বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সাংস্কৃতিক অনুষ্ঠান ৷ অসম চৰকাৰৰ আৰ্থিক অনুদানৰ পৃষ্ঠপোষকতাত অসমীয়া জাতিৰ দাপোনস্বৰূপ হেপাহৰ ৰঙালীক বিহুক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিলে বৰপথাৰ নৱমিলন সংঘই। মুকলিবিহু আৰু বাৰে ৰহনীয়া সাংষ্কৃতিক অনুষ্ঠানত বিভিন্ন সাংষ্কৃতিক গোষ্ঠীৰদ্বাৰা অসমীয়া সংষ্কৃতি ৰক্ষাৰ ছুটি নাট্যৰূপ প্ৰদৰ্শন, শৰীৰ চৰ্চা, বিহু হুচৰি প্ৰদৰ্শিত হয়।

অগনন দৰ্শক শ্ৰুোতাৰে পিৰাপিৰ দিব নোৱাৰা অনুষ্ঠানত গুৱাহাটি বেলতলা দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সুখৰ সজ্ঞা বিচাৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত গীতমাতেৰে দৰ্শকৰ হ্নদয় চুই যোৱা শিল্পী ক্ৰমে ছাহিদ আফ্ৰিদী(মঙলদৈ), ডলি ৰাজবংশী(লখৰা), পপী দেৱী(পচৰীয়া), মেহবুব আলি(গোৱালপাৰা) ৰ গীতৰে শৰায়ে ৰাইজক মোহিত কৰে ৷

Leave A Reply