Breaking

মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দিলে পহু খেদা

0 82

ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰত তীব্ৰ উত্তেজনা। মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই দিলে পহু খেদা। BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে মন্ত্ৰী গৰাকীৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ আছা’ৰ।

মন্ত্ৰী অশোক সিংহলৰ নিৰাপত্তা বাহিনীৰ সৈতে হতাহতিত লিপ্ত হয় আছাৰ কৰ্মীসকল।মন্ত্ৰী অশোক সিংহলৰ নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত আঘাটপ্ৰাপ্ত হয় আছাৰ ঢেকিয়াজুলি আঞ্চলিকৰ প্ৰচাৰ সম্পাদক নিষ্টাৰ সুৰিন।

BTR সম্প্ৰসাৰণক লৈ আছাই জবাবদিহি কৰে মন্ত্ৰী অশোক সিংহলক।

ফলত এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হয়।অশোক সিংহল গো বেক ধ্বনীৰে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে আছাই।ঢেকিয়াজুলিৰ প্ৰজাপথাৰত মুখ্যমন্ত্ৰী কথামতে দুৰ্ভগীয়া কিশোৰী আৰতি তুৰিৰ পৰিয়ালে লাভ কৰা চৰকাৰী আৱাস গৃহৰ শুভ উদ্বোধন কৰাৰ পিছত মন্ত্ৰী অশোক সিংহলৰ সন্মুখত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে আছাই।

বনকৰা কিশোৰী গৰাকী দৰংৰ ধুলাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

Leave A Reply