Breaking

উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

0 43

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘উদ্যম-২০২৩’ শীৰ্ষক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই) ব্যৱসায় আৰু বাণিজ্য সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে ‘উদ্যম-২০২৩’ শীৰ্ষক এই সন্মিলন অনুষ্ঠিত হৈছে।

নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ দহটা স্থানত আয়োজিত “উদ্যম-২০২৩” শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায় তথা উদ্যোগীকৰণৰ প্ৰতি এক জনজাগৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসমক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে এক প্ৰচেষ্টা হাতত লোৱা হৈছে।

উদ্যমীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে সময়ে সময়ে হাতত লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে “ভোকেল ফৰ লোকেল” মূলমন্ত্ৰৰে দেশৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই আমাৰ থলুৱা উদ্যোগ আৰু উদ্যোগীসকলৰ স্বাৰ্থৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এসময়ত উদ্যোগ আৰু ব্যৱসায়ৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা লোকসকলেও আজি লাহে লাহে এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱাটো ৰাজ্যখনৰ উদ্যোগ ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা বুলি তেওঁ মন্তব্য কৰে।

এই গতি অব্যাহত থাকিলে অনাগত দিনত অসমত ব্যৱসায়ত আত্মনিয়োগ কৰা উদ্যমীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বৰ্তমানে প্ৰতিষ্ঠিত প্ৰতিটো ডাঙৰ উদ্যোগেই এসময়ত ক্ষুদ্ৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়ে নতুন উদ্যোগীসকলে এই কথাক লৈ সংশয় কৰাটো অমূলক।

“উদ্যম”ৰ অংশস্বৰূপে হাতত লোৱা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ আদি অভিনৱ কাৰ্য্যসূচীয়ে ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত “উদ্যম”ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে ১০০টাৰো অধিক এম.এছ.এম.ই বিপণী তথা ১২টা খাদ্য বিপণীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীয়েও অংশগ্ৰহণ কৰিছে।

সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটকধুনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ, ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰো ব্যৱস্থা ৰখা হৈছে।

আজিৰ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, ভাৰত চৰকাৰৰ এম এছ এম ইৰ সঞ্চালক আৰ কে গিৰি, লঘু উদ্যোগ ভাৰতীৰ সভাপতি মনোজ লুংডিয়া, কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, এ আই ডি চিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply