Breaking

পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মাণ উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

0 31

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ মানসেৰে চহৰখনৰ আন্তঃগাথঁনি সবলীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুতো অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই প্ৰয়াসক এক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পাণবজাৰত উপস্থিত হৈ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে৷

অভিলাষী প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে উক্ত স্থানত নিৰ্মাণকাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ কৰ্তব্যত নিয়োজিত ঠিকাদাৰ আৰু কৰ্মীসকলক নিৰ্দেশ দিয়ে যাতে সমাগত শাৰদীয় উছৱৰ বতৰতে ইয়াক ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যায়।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়-ববীয়াসকল তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply