Breaking

পশুৰ কল্যাণ আৰু কৃষকসকলৰ সবলীকৰণৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী অতুল বৰাৰ…

0 43

পশুধন খণ্ডৰ বিকাশ, পশুৰ কল্যাণ আৰু কৃষকসকলৰ সবলীকৰণ নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী অনুসৰি আজি গুৱাহাটীত ৰাজ্যখনৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা। ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক আৰু অন্যান্য কৰ্মচাৰীৰ উপলব্ধতাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰোঁ। লগতে পশুধনৰ বাবে যাৱতীয় ঔষধৰ উপলব্ধতা, টিকাকৰণ অভিযানৰ সাম্প্ৰতিক স্থিতি, কৃত্ৰিম গৰ্ভধাৰণ, আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু অন্যান্য ৰোগৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থা আদি বিভিন্ন দিশৰ বিষয়েও বুজ লই মন্ত্ৰীগৰাকীয়ে। তদুপৰি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত চলি থকা আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা আৰু গাখীৰ, মাংস তথা কণী উৎপাদনৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যত উপনীত হ’বলৈ যাৱতীয় কামবোৰ দ্ৰুতগতিত সম্পাদন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকতে বিভাগৰ ২০২২-২৩ বৰ্ষৰ বাজেট পুঁজিৰ ব্যয় স্থিতিৰ বিষয়ে বুজ লই।

চিকিৎসালয়সমূহত পশু চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীৰ ২৪ ঘণ্টাই উপলব্ধতা নিশ্চিত কৰিবলৈ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা সংশ্লিষ্ট আন বিষয়াসকলকো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। যিসকলে কৰ্তব্যত অৱহেলা কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।এই বৈঠকত উপস্থিত আছিল অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিত বৰুৱা, সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক কৰুণানন্দ শৰ্মা প্ৰমুখ্যে অন্যান্য জ্যেষ্ঠ বিষয়াসকল।

Leave A Reply