Breaking

বোকাখাতৰ চহলা-ছ’গুৰিৰ সৰিয়হৰ খেতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

0 107

৫০০০ বিঘাৰো অধিক ভূমিত বোকাখাতৰ চহলা-ছ’গুৰিৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত কৰা সৰিয়হৰ খেতি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই। লগতে ১০০০ বিঘা ভূমিত কৰা ৰঙালাউ আৰু ৫০০ বিঘা ভূমিত কৰা আলুৰ খেতিডৰা পৰিদৰ্শন সময়ত দেখা কৃষকসকলৰ শ্ৰম আৰু প্ৰচেষ্টাৰ নিদৰ্শনে আপ্লুত কৰিলে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে।

কষ্ট আৰু শ্ৰমৰ ফচলে কৃষকসকলৰ মনত বিৰিঙাই তোলা হাঁহিয়ে অনুপ্ৰাণিত কৰি তুলিলে মন্ত্ৰীগৰাকীক। প্ৰতিজন কৃষকৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাই তুলিবলৈ আমাৰ প্ৰচেষ্টা সদায়ে অব্যাহত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

Leave A Reply