Breaking

ৰঙিয়াত উপস্থিত মন্ত্ৰী অতুল বৰা

0 2,443

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত নৱ নিৰ্মীয়মান ৪৮ খন বিছনা যুক্ত আই চি ও(ICU)চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকল আৰু চিকিৎসসকলৰ লগত মত-বিনিময় কৰে। লগতে বড়িগোগ গাঁও পঞ্চায়তৰ অন্তৰ্গত কনিহাৰ উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত কেবিনেট মন্ত্ৰী অতুল বৰাৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ জৰিয়তে চলি থকা এফ পি চি(FPC) প্ৰকল্প টোৰ কাম-কাজৰ বুজ লয় আৰু প্ৰতিষ্ঠানটোৰ কামত ব্যৱহাৰ হোৱা যন্ত্ৰ পাতি সমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া তথা কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰি কৃষিজাত সামগ্ৰীসমূহৰ  বুজ লয়। এই সময়চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে মহকুমাধিপতি স্বপ্নীল পাল(আইএএছ) আৰু প্ৰশাসনৰ বিষয়ববীয়া সকলে।

Leave A Reply