Breaking

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ উদ্যোগত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত Training cum Incubation Centerত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী বিমল বড়াৰ

0 573

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম(NSIC)ৰ উদ্যোগত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত Training cum Incubation Center (TIC) ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই।ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমে যোৱা বছৰত ১০০০ তকৈ অধিক প্ৰশিক্ষাৰ্থীক সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে । উল্লেখযোগ্য যে এই প্ৰশিক্ষণত প্ৰায় ৯০শতাংশ মহিলাক প্ৰশিক্ষণ প্ৰদান কৰে।

এই বৰ্ষটো TIC NSIC এ ৪০০ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীক সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক আত্মসংস্থাপনৰ বাবে উৎসাহিত কৰিছে। এই অনুষ্ঠানত উপস্থিত হৈ উদ্যোক্তা তথা প্ৰশিক্ষাৰ্থী সকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী বিমল বড়াই লগতে, অহা ১০ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া “মহিলা সমাৰোহ” ৰ বাবে প্ৰশিক্ষাৰ্থী সকলক শুভকামনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

Leave A Reply