Breaking

কামৰূপ মহানগৰ জিলাত বিনামূলীয়া চাইকেল বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিৰ

0 47

ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দৈনন্দিন যাতায়াতত সুবিধা প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি নৱম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থকা মুঠ ৩,৬৯,৪৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই আঁচনিৰ অধীনত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৮,৬০৮ শিক্ষাৰ্থীৰ মাজত আনুষ্ঠানিক ভাৱে চাইকেল বিতৰণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিয়ে।

উক্ত অনুষ্ঠানত গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰনীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply