Breaking

নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

0 1,324

নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ  প্ৰসমন পুঁজি আৰুসামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ইয়াত ১৭২৩ টা আত্মসহায়ক গোটক এক লাখ,পাঁচ লাখ আৰু দহ লাখ টকাৰ চেক আৰু ২১ টা গ্ৰাম্য সংগঠনক এক লাখ পঞ্চাশ হাজাৰ টকাকৈ এই ঋণ প্ৰদান কৰা হয়। আজি মুঠ ৭৩ কোটি ১০লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।এই অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ,মিছন গ্ৰাম্য জীৱিকা মিছন অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা,পঞ্চায়ত সভাপতি পবিত্ৰ ডেকাকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত আছিল। তদুপৰি এই সভাত বহুত দল-সংগঠনৰ উপৰিও বহুত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পঞ্চায়তৰ এজন সদস্যই কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ভয়ংকৰ মন্তব্য প্ৰকাশ কৰে । পঞ্চায়ত সদস্য গৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে দলৰ কৰ্মী সকলক সদায় তলত থয় আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম নকৰে । ভাৰতীয় জনতা পাৰ্টিৰ সময়ত বহুত কাম হোৱা বুলিও পঞ্চায়ত সদস্য গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । আজিৰ এইটো কাৰ্যসূচী পূৰ্বেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বনগাওঁ পঞ্চায়ত নতুন গৃহ উদ্বোধন কৰে ।

Leave A Reply