Breaking

‘গুৱাহাটী মহানগৰীত কৃত্ৰিম বান সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ মন্ত্ৰী’- দেৱব্ৰত শইকীয়া

0 1,105

যোৱা সময়চোৱাত কৃত্ৰিম বানৰ সমস্যা গুৱাহাটী মহানগৰীত দিনক দিনে ভয়াৱহ হৈ পৰিছে। এইক্ষেত্ৰত চৰকাৰে বিগত সময়চোৱাত কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে লোৱা কোনো আঁচনিয়েই ফলপ্রসূ হোৱা দেখা পোৱা নাই। ইতিমধ্যে গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰিছে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ যথাযথ পদক্ষেপ গ্ৰহণ কৰাত গুৱাহাটী উন্নয়ন,নগৰ আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰী শ্রী অশোক সিংঘল ডাঙৰীয়া ব্যৰ্থ হৈছে।

গুৱাহাটীৰ নলা নৰ্দমা সমূহ পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে ৩০ কোটি টকা ব্যয় কৰি ১০খন “Super Sucker”কিনিছিল যদিও তাৰেই কেইখনমান গুৱাহাটীৰ কাৰণে উপযুক্ত নহয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ক অশোক সিংঘল ডাঙৰীয়াক জবাবদিহি কৰাৰ দাবী জনাই ব্যক্ত কৰা এক প্ৰতিক্ৰিয়া।

Leave A Reply