Breaking

সীমান্তত মন্ত্ৰী হিমন্ত, বিধায়ীকা ৰজ’লীনা তিৰ্কীক ‘নিমাতি কন্যা’ আখ্যা মন্ত্ৰীগৰাকীৰ

0 17

 ১৭ , ১৮ আৰু ১৯ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা  সন্মিলিত বড়ো গণ মঞ্চৰ (UBPO)সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন দ্বিতীয় দিনাৰ কাৰ্যসুচীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ দুপৰীয়া প্ৰায় ৩ বজাত আকাশী মাৰ্গাৰে উৰিয়ামঘাটত উপস্হিত হৈ প্ৰায় দুই কিলোমিটাৰ খোজেৰে কেইবা শতাধিক দলীয় নেতা কৰ্মীয়ে  অধিবেশন স্হলিলৈ আগবঢ়াই লৈ যায় ৷ 

সভাত উপস্হিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সৰুপথাৰৰ বাট পথৰ দূৰৱস্হা দেখি নিজে বিভাগীয় মন্ত্ৰী যদিও লজ্জিত অনুভৱ কৰিছে ৷ বাট পথৰ দূৰৱস্হাৰ বাবে মন্ত্ৰী গৰাকীয়ে সৰুপথাৰবাসীক হে দোষাৰোপ কৰি কৱোৰা লগতে বিধায়ীকা ৰজলীনা তিৰ্কীক কটাক্ষ কৰি কয়  যে নিমাতি কন্যাক নিৰ্বাচিত কৰিলে এনে অৱস্হা হব আৰু আগন্তুক নিৰ্বাচনত সিংহৰ দৰে গৰজিব পৰা এজন বিধায়ক নিৰ্বাচন কৰিবলৈ আহ্বান জনায় ৷ আগন্তুক দিনত সৰুপথাৰৰ উন্নয়নৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও আশ্বস প্ৰদান কৰে ৷ আগন্তুক নিৰ্বাচনত বিজেপি দলে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাব নেকি বুলি সাংবাদিকে কৰা এৰ প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে অগপৰ লগত মিত্ৰজোঁটত দুয়োটা দলে এতিয়াও চৰকাৰ চলাই আছে গতিকে বুজাবুজিৰে আগুৱাই যোৱাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

অধিবেশনস্হলিতে  মন্ত্ৰী গৰাকীয়ে বিটিচিৰ বাহিৰৰ ২১ খন জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকলৈ গঠিত সন্মিলিত বড়ো গণমঞ্চৰ অধিবেশনতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বডো় চুক্তি আধাৰত চৰকাৰে গঠন কৰি দিয়া বডো় কছাৰী উন্নয়ন পৰিষদৰ অন্তবৰ্তীকালীন পৰিষদখন আজিৰ সভাতে ঘোষণা কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতে সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীক অধ্যক্ষ আৰু গণমঞ্চৰ উপ – সভাপতি  গাম্বাৰো মুছাহাৰীক উপাধ্যক্ষ হিচাপেলৈ বডো় কছাৰী উন্নয়ন পৰিষদ গঠন কৰা হয়। সমিতিত উৰিয়ামঘাট অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ স্বৰ্গীয়াৰীকো সদস্য হিচাপে মনোনীত কৰা হৈছে বুলি জানিব পৰা গৈছে।

সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা বডো় কছাৰী উন্নয়ন পৰিষদে বিটিচিৰ বাহিৰত থকা ২১ জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকৰ সৰ্বাংগীন উৎকৰ্ষ সাধন কৰিব বুলিও উল্লেখ কৰে। দীৰ্ঘদিনীয়া গণসংগ্ৰামৰ পৰিপ্ৰেক্ষিতত বডো় কল্যাণ উন্নয়ন পৰিষদ ঘোষণা কৰাত সভাস্থলীত উপস্থিত প্ৰায় কুৰি সহস্ৰাধিক লোক উৎফুল্লিত হৈ পৰা দেখা যায়। নৃত্য গীতেৰে মুখৰিত এক উৎসৱ মুখৰ পৰিবেশত অনুষ্ঠিত মুকলি সভাখনি উদ্ধোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ ফুকনে।

সন্মিলিত বডো় গণমঞ্চৰসাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে আঁত ধৰা সভাত গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,ধনশিৰি মহকুমাধিপতি দিবাকৰ নাথ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা,সন্মিলিত বড়ো গণমঞ্চৰ সম্পাদক প্ৰদীপ স্বৰ্গীয়াৰী,  বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া, ৰাজীৱ শইকীয়া আদি বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।তদুপৰি সভাৰ পূৰ্বে পুৱাৰ ভাগত সন্মিলিত বড়ো গণ মঞ্চৰ পতাকা উত্তোলন আৰু মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে ইউ বি পি অ ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে।শ্বহীদ তৰ্পণ কৰে ইউ বি পি অ ৰ উপ-সভাপতি গাম্বাৰু মুছাহাৰীয়ে ।

অধিবেশন উপলক্ষে মহেশ বসুমতাৰীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “খৌছেথিনি থিলি” নামৰ এখন স্মৃতি গ্ৰন্থৰ লগতে প্ৰদীপ স্বৰ্গীয়াৰীৰ “একান্ত মনৰ সুঁতি” নামৰ গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে বিয়লি বি টি চি ৰ বাহিৰৰ ২১ খন জিলা সমিতিৰ আগশাৰীৰ বড়ো সংঘটন সমূহৰ নেতৃত্বৰ মাজত এক আলোচনা অনুষ্ঠিত হয়।সন্ধ্যা সন্মিলিত বড়ো গণ মঞ্চৰ দ্বিতীয় খন প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে ৰাতিলৈ শিল্পী সকলৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 

Leave A Reply