Breaking

মন্ত্ৰী হিমন্তবিশ্বৰ সংবাদমেল। বহিৰাজ্যৰ পৰা অহা সকলৰ ১৮ কৰ’নাক্ৰান্ত।

0 150

দৈনন্দিন বাৰ্তা সেৱা :

স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আজি সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে কয় যে যোৱা চাৰি মে’ৰ পৰা অসমত যিসকলে প্ৰবেশ কৰিছে তাৰে ১৮ জনৰ দেহত পোৱা গৈছে কৰ’না ভাইৰাছ।তেওঁ কয়যে মুম্বাই,দিল্লী,ৰাজস্থান আদি বিভিন্ন স্থানৰ পৰা অসমত সোমাইছে ৪৬৯০ জন। শ্ৰীৰামপুৰ গেইটেৰে ৪০৬০ আৰু ছগলীয়া গেইটেৰে সোমাইছে ৬৩০ জন।এইসকলক স্বাস্থ্য পৰীক্ষা কৰি একাংশক ঘৰলৈ যাবলৈ দিয়া হৈছে বৰ্তমান ইয়াৰে ২৭০০ জন কোৱাৰেন্টাইনত আছে।এইসময়ত উত্তৰপুবৰ ৰাজ্যসমূহৰ পৰা অসমলৈ আহিছে ৬৪১২ জনে।এইসকল গ্ৰীণজ’নৰ পৰা অহা কাৰণে কোৱাৰেন্টাইনৰ প্ৰয়োজন নাই।ইফালে কালী মুম্বাইৰ পৰা অহা সকলৰ সাতজন কৰ’নাক্ৰান্ত হৈছে।কালি দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে অসমলৈ আহিল ৫০১ জন। আজিও আহিব ২১৯ জন।ইফালে ফাঁচিবজাৰত আক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহা ৩৪০ জনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।এই সকলোৰে ৰিপ’ৰ্ট অহাৰ পিছতহে নতুন পদক্ষেপ লোৱা হ’ব।ইফালে মন্ত্ৰীজনে কয়যে বৰ্তমানলৈ অসমত কৰ’নাক্ৰান্তৰ সংখ্যা ৮৬ জন ।সুস্থ হ’ল ৪০ জন,মৃত দুজন,চিকিৎসালয়ত আছে ৪৩ জন আৰু এজন ওভটি গৈছে নিজৰ ৰাজ্যলৈ।অহা সময়ছোৱাত অসমৰ কাৰণে অধিক জটিল সময় আহি আছে বুলি তেওঁ ব্যক্ত কৰে।

Leave A Reply