Breaking

‘লুৰীনজ্যোতি গগৈ দুমুখীয়া, ৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া কংগ্ৰেছৰে মিত্ৰতা লুৰিণৰ’, ডিব্ৰুগড়ত বিশাল জনসভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা…

0 15

ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ হৈ উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ উদ্যম দেখি উৎসাহিত সকলো। বিজেপিৰ জয়জয়কাৰ ধ্বনিত মুখৰ ৰাজ্য। সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো চলাইছে প্ৰচাৰ অভিযান। উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। দিনে নিশাই চলাইছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। ডিব্ৰুগড়ত এটাই ধ্বনি, বিজেপিক ভোট দিমেই আমি। দেওবাৰে ডিব্ৰুগড়ত বিশাল সভাত উপস্থিত জনগনক সম্বোধন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। সভাত উল্লেখ কৰে যে ৰাইজৰ এই অফুৰন্ত সঁহাৰি দেখি তেওঁ নিচিন্ত যে আগন্তুক লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোনোৱাল প্ৰায় ৪ লাখতকৈও অধিক ভোটত বিজয়ী হ’ব। অনুষ্ঠানত বিৰোধী দলৰ দুৰাৱস্থাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত এই ডিব্ৰুগড় সমষ্টিত বিৰোধী দলে নিজৰ দলৰ লক্ষ্য- আদৰ্শ বাদ দি, নিজৰ জাতীয়তাবাদী ভাৱধাৰাৰ জলাঞ্জলি দি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে, যি কংগ্ৰেছ দলে অসম আন্দোলনত ৮৫৫ গৰাকী অসমীয়া ডেকা লৰাক শ্বহীদ কৰিছিল আৰু এয়াই হৈছে বৰ্তমানৰ অসমৰ মুখাবাদী জাতীয়তাবাদী ৰাজনীতিৰ পৰিস্থিতি। ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ অভিযানত এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।

ডিব্ৰুগড়ৰ খোৱাং গজপুৰীয়াত অনুষ্ঠিত বিজেপি অসম প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। আগন্তুক নিৰ্বাচনক উদ্দেশ্যি ডিব্ৰুগড়ৰ বিশাল নিৰ্বাচনী সভাত ৰাইজক সম্বোধন মন্ত্ৰী গৰাকীৰ। ডিব্ৰুগড়ৰ পথালিবাম চাওৰা লাইন খেলপথাৰত জনসভাক সম্বোধন কৰি ভাষণ প্ৰদান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। নিৰ্বাচনী সভাখনত যথেষ্ট জনসমাগম হোৱা পৰিলক্ষিত হয়। সেই বিশাল জনসভাতেই সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যথেষ্ট কষ্ট তথা ত্যাগৰ জৰিয়তে ৰাজ্যত এনেদৰেই এতিয়া বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কণ্ঠত এক প্ৰকাৰ আপ্লুত হৈ উঠে ডিব্ৰুগড়ৰ জনতা। সকলোৰে মুখত এটাই কথা বিজেপিক ভোট দিমেই আমি।

Leave A Reply