Breaking

জম্মু কাশ্মীৰত নিৰ্মাণ হোৱা ১১৫০০ ফুট উচ্চতাৰ জোজিলা সুৰংগৰ কামৰ বুজ ল’লে মন্ত্ৰী নীতিন গাডকাৰীয়ে…

0 61

সোমবাৰে জোজিলা সুৰংগৰ কামৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। এই সুৰংগটো জম্মু-কাশ্মীৰৰ সৈতে লাডাখক সংযোগ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ নেতৃত্বত এখন সংসদীয় সমিতিও জোজিলা সুৰংগ নিৰ্মাণৰ কামৰ বুজ ল’বলৈ উপস্থিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা উপস্থিত থাকে।

১৩ জনীয়া পৰামৰ্শদাতা সমিতিৰ সৈতে সুৰংগ নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ পিছত গাডকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহাসিক সুৰংগ প্ৰকল্পটো কাশ্মীৰ উপত্যকাক কন্যাকুমাৰীৰ সৈতে সংযোগ কৰাৰ সপোনৰ অংশ।প্ৰায় ১১,৫০০ ফুট উচ্চতাত নিৰ্মাণ কাৰ্য্যৰ বুজ লোৱাৰ পিছত তেওঁ কয় যে, “এই সুৰংগটো ভাৰতৰ ইতিহাসৰ এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সুৰংগ হ’ব।” এই সুৰংগটোৰ দৈৰ্ঘ্য এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল হোৱাৰ সম্ভাৱনা আছে।

এই সুৰংগ প্ৰকল্পটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শীতকালত প্ৰচণ্ড বৰফ পৰাৰ বাবে ঘাইপথ বন্ধ হৈ থাকে, যাৰ বাবে লাডাখ অঞ্চল কাশ্মীৰ উপত্যকাৰ পৰা বিচ্ছিন্ন হৈ থাকে।জোজিলা সুৰংগ নিৰ্মাণ কৰা কোম্পানী মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (এম ই আই এল)ৰ প্ৰকল্প মুৰব্বী হৰপাল সিঙে কয় যে তেওঁলোকৰ কাম পূৰ্ণ গতিত চলি আছে। হৰপাল সিঙে কয়, ‘সোনামাৰ্গৰ পৰা মিনিমাৰ্গলৈকে এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য ৩১ কিলোমিটাৰ। সোণামাৰ্গৰ পৰা বাল্টাললৈ যোৱা পথটো ১৮ কিলোমিটাৰ আৰু তাৰ পিছত বাল্টলৰ পৰা মিনিমাৰ্গলৈ যোৱা মূল সুৰংগটো ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ। দুয়োটা প্ৰকল্পতে কাম দ্ৰুতগতিত চলি আছে।”

Leave A Reply