Breaking

কৰিমগঞ্জৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুয হাজৰিকাই

0 62

পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত টাপাদাৰ পাৰা অঞ্চলত লঙ্গাই নদীয়ে সৃষ্টি কৰা মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুয হাজৰিকাই ।

পৰিদৰ্শন কালত উপস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপীৰ লগতে আন আন বিষয়া সকলক ।

এই খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী পিয়ুয হাজৰিকাই আৰু জিও বেগৰ ব্যৱহাৰ তথা আন আন প্ৰতিৰোধী পদক্ষেপ সমূহ হাতত লবলৈ নিৰ্দেশ প্ৰদান কৰে। বিধায়কদ্বয় কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰ , কৰিমগঞ্জ জিলাৰ উপায়ুক্ত , কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য আৰু জিলা প্ৰশাসন তথা জলসম্পদ বিভাগৰ বিষয়া সকল পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে।

Leave A Reply