Breaking

জামুগুৰিহাটত জীয়া ভৰলীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ: জীয়া ভৰলী নদী খননৰ আশ্বাস মন্ত্ৰী হাজৰিকাৰ

0 1,620

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ গৰাখহনীয়া অঞ্চল কালি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই । বিয়লি চাৰি বজাত জামুগুৰিহাটৰ চামধৰাৰ লগতে ‘কন্যকা’ কৃষি পামৰ সমীপত জীয়া ভৰলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলী নদীৰ দলংৰ ওপৰৰ পৰাও পৰিদৰ্শন কৰে গৰাখহনীয়া মন্ত্ৰী পিযুষ হাজৰিকাই। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে তেজপুৰৰ সাংসদ পল্লবলোচন লোচন দাসক লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰেই জীয়া ভৰলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে জীয়া ভৰলী নদীৰ দলংৰ সমীপত নদীখনৰ গভীৰতা কমি অহাৰ কথা উল্লেখ কৰি গভীৰতা কমি যোৱাৰ স্থানত নদীখন খন্দাৰ পোষকতা কৰা কথাও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰ খনৰ জলসম্পদ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে সমগ্ৰ অসমতে নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি থকা মন্ত্ৰী গৰাকীয়ে আজি বিয়লিৰ ভাগত চতিয়া সমষ্টিৰ জামুগুৰিহাটত সৃষ্টি হোৱা জীয়া ভৰলী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়াৰ উপস্থিতিত সমষ্টিটোৰ অন্তৰ্গত মাথাউৰি সমূহৰ লগতে নদী কাষৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰা মূহুৰ্তত সমষ্টিটোৰ বিধায়ক হিচাপে উপস্থিত থাকে আৰু
বানমুক্ত অসম‌ তথা নৈ পৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত অনাগত দিনত আমাৰ চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব । এইক্ষেত্ৰত জলসম্পদ বিভাগৰ তৎপৰতা উল্লেখযোগ্য তথা প্ৰশংসনীয় বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই। 

Leave A Reply