Breaking

মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত মন্ত্ৰী পিয়ুষ হাজৰিকা

0 35

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশমৰ্মে মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত উপস্থিত হৈ তাত চলি থকা উদ্ধাৰকাৰ্য্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই।

মণিপুৰ চৰকাৰৰ তথ্য অনুসৰি এই ভূমিস্খলনৰ ফলত সেই স্থানত কৰ্মৰত সেনা জোৱান সহিতে ৮ গৰাকী অসমৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৫ গৰাকী লোকক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু আন ১৩ গৰাকী সন্ধানহীন অসমৰ ব্যক্তিৰ লগতে আন আন ব্যক্তি সকলৰ উদ্ধাৰ অভিযান বৰ্তমানো চলি আছে।

এই দূৰ্ভাগ্যজনক ঘটনাৰ ফলত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহত লোক সকলৰ আশুআৰোগ্য কামনা কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

Leave A Reply